Breaking

নগৰবেৰাত শোকাকুল পৰিৱেশ! কইনা আনিবলৈ গৈ ওভতা পথত প্ৰাণ গ’ল তিনি বিবাহযাত্ৰীৰ…

0 78

নগৰবেৰাত শোকাকুল পৰিৱেশ, দ’ৰাৰ লগত গৈ ঘৰলৈ ওভতা পথত প্ৰাণ গ’ল তিনিজনকৈ বিবাহযাত্ৰী যুৱকৰ।দ’ৰাৰ ঘৰ নগৰবেৰাৰ দোকুচিত, কইনাৰ ঘৰ বকোৰ ৰায়পাৰা মেধিপাৰাত। বিয়া শেষ হোৱাৰ পূৰ্বে এল্ট’ এখনত উঠি দ’ৰাৰ খুড়াকৰ ল’ৰা, সম্পৰ্কীয় ভাতৃ ভাস্কৰ ঠাকুৰীয়া আৰু দুই বন্ধু ক্ৰমে ৰূপেশ চৌধুৰী আৰু মানস পাঠক উভতিছিল নগৰবেৰাৰ ঘৰ অভিমুখে। বকোৰ শিংৰাত পুৱতি নিশা দুৰ্ঘটনাত পতিত হয় এল্ট’খন, থিতাতে নিহত হয় তিনিওজন যুৱকৰ।

দ’ৰাই পুৱাৰ ভাগত থানাত দেখিহে ফোন কৰি গম পায় দুৰ্ঘটনাৰ খবৰ, অতিকে মৰ্মান্তিক খবৰটো শুনি বিব্ৰত হয় দ’ৰা মনোজ ঠাকুৰীয়া। বিয়াৰ পুৱা এইদৰে তিনি বন্ধুক হেৰুৱাই বেজৰৰমনে বহি পৰিছে দ’ৰা মনোজ, স্মৰ্তৱ্য যে নিহত যুৱক ভাস্কৰ ঠাকুৰীয়াইও দুমাহৰ পূৰ্বে আৱদ্ধ হৈছিল বিবাহ পাশত।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ প্ৰতিবেদন

Leave A Reply