Breaking

নৱ গঠিত তামুলপুৰ জিলাৰ বিভিন্ন ৰাভা জাতীয় সংগঠনৰ বিশেষ অভিৱৰ্তনৰ সফল সামৰণি

0 1,544

তামুলপুৰ জিলাৰ জামুগুৰিত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে ৰাভা জনগোষ্ঠীৰ জাতীয় সংগঠন সমূহৰ এক বিশেষ অভিৱৰ্তন অনুষ্ঠিত হয়। পুৱাৰ ভাগত বাক্সা জিলা ৰাভা সাহিত্য সভাৰ সভাপতি সুৰেণ ৰাভাৰ লগতে কেবাগৰীও বিশিষ্ট লোকে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভ কৰা বিশেষ অভিৱৰ্তন ত গছপুলি ৰোপণ,শ্বহীদ তৰ্পণ,শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ গাইডেঞ্চ সম্পৰ্কীয় মতবিনিময় অনুষ্ঠানো সম্পন্ন কৰা হয়।

দুপৰীয়াৰ ভাগত বিশেষ প্ৰতিনিধি সভা আৰু বিয়লি ৫:৩০ বজাত ৰাভা জনগোষ্ঠীৰ শৈক্ষিক, সাংস্কৃতিক, আৰ্থসামাজিক আৰু ৰাজনৈতিক বিষয়ৰ ওপৰত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। নিখিল ৰাভা ছাত্র সন্থাৰ উপ সভাপতি দীপাংকৰ ৰাভাই উদ্বোধন কৰা আলোচনা চক্ৰত সঞ্চলনা কৰে শিক্ষক মাধৱ ৰাভাই।

আলোচনা চক্ৰত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খাণ্ডা,ৰাভা জাতীয় পৰিষদৰ সভাপতি নৰেন ৰাভা, নিখিল ৰাভা কৰ্মচাৰী পৰিষদৰ কমলেশ্বৰ ৰাভা, এমচিএল এ হেমন্ত কুমাৰ ৰাভাই অংশগ্ৰহণ কৰি সাফল্য মণ্ডিত কৰি তোলে।

Leave A Reply