Breaking

ঘা নিৰাময়ৰ বাবে ভাৰতীয় বিজ্ঞানীয়ে উদ্ভাৱন কৰা এবিধ বিশেষ জেল…

0 24

কেইজনমান ভাৰতীয় বিজ্ঞানীয়ে দুবিধ পলিমাৰৰ সংমিশ্ৰণ ঘটাই শৰীৰত পোৱা আঘাতৰ ফলত হোৱা ঘা সোনকালে শুকুৱাই পেলাব পৰা এবিধ হাইড্ৰ’জেল উদ্ভাৱন কৰিছে। এইবিধ নতুন হাইড্ৰ’জেল ব্যৱহাৰৰ প্ৰধান সুবিধাটো হ’ল- দুবিধ পলিমাৰৰ মিশ্ৰণ শৰীৰৰ ঘাত প্ৰয়োগ কৰিলে শৰীৰৰ ৩৭° চেলচিয়াছ উত্তাপত দ্ৰুতগতিত ঘাডোখৰ পূৰ কৰে আৰু অধিক তাপ উৎপাদনো হ’বলৈ নিদিয়ে। জেল প্ৰয়োগৰ সময়ত ঘাডোখৰত অধিক উত্তাপ সৃষ্টি হ’লে কিছুমান কোষৰ মৃত্যু হ’ব পাৰে আৰু তাৰ ফলত ঘাডোখৰ ভাল হোৱাত পলম হ’ব পাৰে।

গুজৰাটৰ ভৱনগৰৰ চেন্ট্ৰেল চল্ট মেৰাইন কেমিকেলচ ৰিচাৰ্ছ ইনষ্টিটিউটৰ এজন গৱেষক বিজ্ঞানী সুৰেশ কুমান জিওৰাজকাই প্ৰকাশ কৰিছে যে- এই নতুন হাইড্ৰ’জেলবিধে কোনো ধৰণৰ উপদ্ৰব্যৰ সৃষ্টি নকৰে। সেয়ে এইবিধ ঔষধ জৈৱ সহযোগী। লগতে ই এবিধ জৈৱ ভংগুৰ দ্ৰব্য, সেয়ে এই দ্ৰব্যই ঘা শুকুওৱা আৰু কোষকলা সৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

এইবিধ পলিথাইলিন গ্লাইকলৰ ৰূপান্তৰিত সংষ্কৰণ আৰু এবিধ প্ৰতিক্ৰিয়া কৰিব পৰা ব্লক পলিমাৰৰ সংমিশ্ৰণ ঘটাই বিজ্ঞানীসকলে এইবিধ জেল প্ৰস্তুত কৰিছে। এই দুবিধ উপাদানৰ প্ৰতিক্ৰিয়াৰ ফলত চাৰি মিনিটতকৈ কম সময়ত এবিধ হাইড্ৰ’জেলৰ সৃষ্টি হয়।

মানুহৰ শৰীৰৰ উত্তাপত এই দুবিধ উপাদানৰ মিশ্ৰণ আংশিক গোটা জেললৈ ৰূপান্তৰিত হয় আৰু ইয়াৰ পানী শুহি লোৱাৰ বিশেষ ক্ষমতা থাকে। শৰীৰৰ ঘাৰে ওপৰত প্ৰয়োগ কৰাৰ আগতে বা বেজিৰে প্ৰৱেশ কৰোৱাৰ আগতে এইবিধ দ্ৰব্য তৰল অৱস্থাত ৰাখিব পাৰি। মাত্ৰ কেইমিনিটমানৰ ভিতৰতে এইবিধ দ্ৰব্য জেল ৰূপত ঘাৰ ওপৰত লাগি ধৰে আৰু ঘাডোখৰৰ পৰা ৰক্তক্ষৰণ বন্ধ কৰে। ইয়াৰ ফলত ঘাডোখৰ চাপ খাই আহে। এইবিধ দ্ৰব্যৰ মাজত এন্টিবায়েটিক ঔষধো মিহলাই দিব পাৰি আৰু আঘাতপ্ৰাপ্ত অংশত প্ৰয়োজন অনুসৰি এইবিধ ঔষধ মুকলি কৰি দিয়ে। অৱশ্যে এইবিধ ঔষধ এতিয়াও ‘ক্লিনিকেল’ প্ৰয়োগৰ বাবে সাজু হৈ উঠা নাই। এই দ্ৰব্যবিধৰ ফলাফলৰ কথা ‘মেটাৰিয়েল কেমিষ্ট্ৰি’ নামৰ জাৰ্ণেলত প্ৰকাশ পাইছে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

Leave A Reply