Breaking

লাহৰীঘাটৰ ধূপগুৰিত পথ দুৰ্ঘটনাত থিতাতে মৃত্যু এগৰাকী ছাত্ৰৰ

0 2,021

 আজি পুৱাতে মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ধূপগুৰি গৰকাপ্তানী পথত পথ দুৰ্ঘটনাত এজন ছাত্রৰ থিতাতে মৃত্যু হয়।ছাত্র গৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ। জানিব পৰা মতে মৰিতলী গাঁৱৰ আইজুল হকৰ একমাত্র পুত্র তথা বড়িগাঁও বড়ো এম ই. স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্র আকিদুল ইছলাম(১৩) বিদ্যালয়লৈ চাইকেলৰে গৈ থকা অৱস্হাত পিছফালৰ পৰা অচিনাক্ত বাইকে খুন্দিয়াই ঘটনা স্হলীৰ পৰা পলায়ন কৰে।পিছত আহত ছাত্র গৰাকীক স্হানীয় প্ৰত্যক্ষদৰ্শীয়ে লাহৰীঘাট চিকিত্সালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে ছাত্র গৰাকীক মৃত ঘোষণা কৰে। ঘটনা সন্দৰ্ভত খবৰ পাই লাহৰীঘাট আৰক্ষীয়ে ঘটনাস্হলীত উপস্হিত হৈ সোধ পোচ অব্যাহত ৰাখিছে।

Leave A Reply