Breaking

গোসাইগাঁৱৰ হাস্ৰাওবাৰীৰ এজন ছাত্ৰ নিৰুদ্দেশ…

0 102

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং হাস্ৰাওবাৰী গাঁৱৰ খাজা মাইনুদ্দিনৰ পুত্ৰ তথা সাপকাটা আনন্দ মঠ জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত আশীক ইকবাল (১৪) নামৰ ছাত্ৰ গৰাকী দেওবাৰৰ পৰা নিৰুদ্দিষ্ট হৈ আছে ৷

পৰিয়ালৰ লোকে জানিব দিয়া মতে যোৱা দেওবাৰে ৰাতিপুৱা ৮ বজাত ঘৰৰ তিনিটা গৰু লৈ পথাৰত গৈ নিশা লৈকে ঘৰলৈ উভতি নাআহে ৷ পৰিয়ালৰ লোকে কিশোৰ গৰাকীক ওচৰ পাজৰে বিচাৰি চলাথ কৰে যদিও এতিয়ালৈকে তেঁওৰ কোনো সন্ধান লাভ নকৰাত পিতৃ- মাতৃৰ লগতে পৰিয়াল তথা আত্মীয় স্বজনৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷ ঘটনা সন্দৰ্ভত সাপকাটা আৰক্ষী চকীত এখন এজাহাৰ দিয়া হৈছে যদিও আৰক্ষীয়েও নিৰুদ্দিষ্ট ছাত্ৰ জনৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৷গাঁৱৰ সচেতন যুৱক জাকিৰ হোসেনে নিৰুদ্দিষ্ট ছাত্ৰ গৰাকীৰ সন্ধান উলিয়াবলৈ আৰক্ষী তথা অসমবাসী ৰাইজলৈ বিন্ম্ৰভাৱে অনুৰোধ জনায়৷

কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দিষ্ট ছাত্ৰ গৰাকীৰ সন্ধান পালে ৭০৯৯৭০৪৬৭৩ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লগতে সমাজসেৱক জাকিৰ হোসেনে অনুৰোধ জনায় ৷

গোসাইগাঁৱৰ পৰা আজিজুল হকৰ প্ৰতিবেদন

Leave A Reply