Breaking

নলবাৰীৰ পিপলিবাৰীত আঠদিনে সন্ধানহীন এজন ছাত্ৰ

0 1,528

নলবাৰী জিলাৰ এগৰাকী ছাত্ৰ আজি আঠদিনে  সন্ধানহীন হৈ থকা  ঘটনাই তীব্ৰ  চাঞ্চল্যৰ সৃষ্টি কৰিছে ।ATM ত  পইছা উলিয়াবলৈ গৈ সন্ধানহীন চামতা ইডেন ভেলি একাডেমীৰ ছাত্ৰ কৰ্নব তালুকদাৰ। নলবাৰী জিলাৰ  পিপলিবাৰী গাৱঁৰ সন্ধানহীন ছাত্ৰ জনৰ  পৰিয়ালে ইতিমধ্যে   আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে । উল্লেখ্য যে বেলশৰ থানাৰ অন্তৰ্গত পিপলিবাৰী গাৱঁৰ অনিল তালুকদাৰৰ ১৯ বছৰীয়া পুত্ৰ তথা চামতাৰ ইডেন ভেলি একাডেমীৰ দ্বাদশ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ কৰ্নব তালুকদাৰে যোৱা ৮ জুলাইৰ দিনৰ ১১ বজাত ঘৰৰ পৰা চামতাৰ ষ্টেট বেংকৰ ATM লৈ টকা  উলিয়াবলৈ বুলি  যোৱাৰে পিছৰে  পৰা সন্ধানহীন  হৈ পৰে।ক’লৈ গ’ল কৰ্নব তালুকদাৰ ? তাকে লৈ এতিয়া উৎকন্ঠাত আছে পৰিয়ালটো । পৰিয়ালৰ লোকে আত্মীয় কুটুম্ব,  বন্ধু- বান্ধবৰ ঘৰ আদি সকলোতে বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ পোৱা নাই কৰ্ণবৰ । পৰিয়ালৰ লোকে বেলশৰ থানা আৰু চামতা পহৰা চকীত ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও সম্ভেদ উলিয়াব পৰা নাই কৰ্নবৰ ।  কৰ্ণবক ঘৰলৈ উভতিবৰ বাবে কান্দি-কান্দি কাতৰ আহ্বান কৰ্নবৰ মাতৃৰ ।

Leave A Reply