Breaking

ব্যতিক্ৰমী প্ৰয়াসেৰে দেৰগাঁৱৰ এগৰাকী শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীক দিছে ব্যতিক্ৰমী শিক্ষা

0 54

দেৰগাঁৱৰ এগৰাকী শিক্ষয়িত্ৰী, কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জ্যোতি কুমাৰী শৰ্মা বৰঠাকুৰৰ ব্যতিক্ৰমী প্ৰয়াসে গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলক অত্যুতসাহী কৰি তুলিছে। শিক্ষয়িত্ৰী গৰাকীয়ে এক ব্যতিক্ৰমী যাত্ৰাৰে গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিজ্ঞান ভিত্তিক মানসিকতা গঢ়ি তোলাৰ লক্ষ্যৰে বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত এক সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হৈছে। বিজ্ঞান বিষয়টো ছাত্ৰ ছাত্ৰী সকলৰ মাজত কি দৰে জনপ্ৰিয় কৰি তুলিব পাৰি আৰু বিজ্ঞান কি দৰে ছাত্ৰ ছাত্ৰী সকলৰ সহজে বোধগম্য হয় তাৰ বাবে অহৰহ প্ৰচেষ্টা চলায় আহিছে। অলপতে শিক্ষয়িত্ৰী গৰাকীয়ে উত্তৰ গোলাঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত বোকোৰা মিলন জনজাতি মধ্য ইংৰাজী বিদ্যালয় আৰু বোকোৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত পেলনীয়া সামগ্ৰীৰে কিদৰে ব্যৱহাৰযোগ্য সামগ্ৰী তৈয়াৰ কৰিব পাৰি তাৰ এক প্ৰশিক্ষণ প্ৰদান কৰে। পেলনীয়া সামগ্ৰীৰে অতি সহজে ডাষ্টবিন আদি তৈয়াৰ কৰিব পৰা কৌশল প্ৰদানে ছাত্ৰ ছাত্ৰী সকলক অত্যুতসাহী কৰি তোলে।”বিজ্ঞান এক খেল”, “হাতে-কামে বিজ্ঞান শিকোঁ আহা” আদি শ্লোগানেৰে গাঁৱে-ভূঞে বিজ্ঞানক জনপ্ৰিয় কৰি তুলিবলৈ সক্ষম হোৱা এই গৰাকী বিজ্ঞান প্ৰেমী শিক্ষয়িত্ৰীৰ এনে ব্যতিক্ৰমী প্ৰয়াসক সকলোৱে শলাগ লৈছে।

Leave A Reply