Breaking

পখিলা খেদাৰ বয়সতে জটিল ৰোগত আক্ৰান্ত নগাঁৱৰ বৰভেটীৰ এগৰাকী কিশোৰী। চিকিৎসাৰ বাবে সহায়ৰ আহ্বান সৰ্বস্বান্ত পিতৃ-মাতৃৰ

0 1,112

ননৈ : পখিলা খেদাৰ বয়সতে জীৱনৰ জটিল সংগ্ৰামত লিপ্ত হৈ দুৰাৰোগ্য  ৰোগৰ সৈতে যুঁজি ক্লান্ত হৈ পৰা এক কৰুণ কাহিনী পোহৰলৈ আহিছে নগাঁও জিলাৰ বৰভেটী অঞ্চলত। উল্লেখ্য যে, নগাঁও সদৰ সমষ্টিৰ বৰভেটী গাঁৱৰ নিৱাসী অতি দৰিদ্ৰলোক জাকিৰ আলী আৰু হাচনাৰা বেগমৰ ৯ বছৰীয়া কণ্যা সন্তান মাছুম বেগম নামৰ কিশোৰীৰ পাকস্থলীৰ ৰোগত (পেংকাটিছ) আক্ৰান্ত। প্ৰায় ২ বছৰ ধৰি পেটৰ বিষত ভূগি থকা কিশোৰী গৰাকী আজি ৬ মাহৰ আগত জটিল ৰোগত আকান্ত বুলি বেমাৰত ধৰা পৰে। ইফালে কিশোৰী গৰাকীৰ পিতৃ জাকিৰ আলী আৰু মাতৃ হাচনাৰা বেগম দিন হাজিৰা কৰা ব্যক্তি। পিতৃ- মাতৃয়ে কিশোৰী গৰাকীক সুস্হ কৰাৰ বাবে গুৱাহাটী আৰু হোজাইলৈ বহুবাৰ নিছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা কিশোৰীগৰাকী অতিমাৰী ক’ৰ’ণা মহামাৰীৰ লকডাউনৰ বাবে ৰোগীগৰাকীক ঘৰলৈ লৈ আহিব লগা হয়। অন্যহাতে লক ডাউনৰ বাবে ঘৰতে থকা ৰোগী গৰাকীৰ অৱস্থা দিনক দিনে বেয়া ফাললৈ গতি কৰে। ইফালে ৰোগীগৰাকীক ব্যয়বহুল অস্ত্ৰোপ্ৰচাৰৰ বাবে চিকিৎসকে পৰামৰ্শ দিছে যদিও পৰিয়ালটোৱে আৰ্থিক দৈনতাৰ বাবে কিশোৰীগৰাকীক উন্নত চিকিৎসা কৰোৱাবৰ বাবে সাহস কৰিব পৰা নাই। দৰিদ্ৰ কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে শিশুটিৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুজনৰ সহায় বিচাৰিছে যদিও আজিকোপতি কোনো সঁহাৰি লাভ কৰা নাই। সেয়ে কোশোৰীগৰাকীৰ অসহায় পিতৃ-মাতৃয়ে ৰাইজৰ সহায়ৰ হাত বিছাৰিছে। কোনো লোকে যদি শিশুটিক সহায় কৰিব বিছাৰে তেন্তে এছ বি আই হয়বৰগাঁও শাখাৰ  একাউণ্ট ৩৭০২৫২২৬২৯০(আই এফ এচ ক’ড-এছ বি আই এন ০০০৫৪৬২) নম্বৰত সাহাৰ্য্য পঠাব পাৰে অথবা 9957449822 নম্বৰত যোগাযোগ কৰিব পাৰে।

Leave A Reply