Breaking

চীনত‌ পুনৰ ভয়াৱহ কৰোনাৰ ঢৌ আৰম্ভ হ’ব…

0 46

চীনত Covid-19ৰ প্ৰথম ঢৌ এতিয়াৰ পৰা জানুৱাৰী মাহৰ মাজভাগলৈকে চলিব যদিও ইয়াৰ পিছত অতি সোনকালে দ্বিতীয়টো ঢৌ আহিব বুলি সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰিছে। ফেব্ৰুৱাৰীৰ শেষৰ ফালে দেশত এই ভাইৰাছৰ তৃতীয় ঢৌ আহিব।

বেইজিংঃ চীনত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে মহামাৰী বিজ্ঞানীসকলে শীতকালত দেশখনত কমেও তিনিটাকৈ ঢৌৰ ভাইৰাছৰ সংক্ৰমণ হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছে। দেশজুৰি মানুহে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে চীন চৰকাৰে শূন্য ক’ভিড নীতিৰ আকস্মিকভাৱে সমাপ্ত কৰাৰ সিদ্ধান্ত লোৱাত “অপ্ৰস্তুত” হোৱাটো নিশ্চিত বুলি দ্য হংকং পোষ্টৰ বাতৰি প্ৰকাশ পাইছে। মৃত্যু হোৱা লোকৰ সংখ্যাক লৈ এতিয়ালৈকে মৌনতা অৱলম্বন কৰিছে চীন চৰকাৰে। কিন্তু চলিত মাহৰ আৰম্ভণিতে নিষেধাজ্ঞা উঠাই লোৱাৰ পাছতো ক’ভিড সংক্রমণৰ সংখ্যা বৃদ্ধি পাই থকাৰ বাবে অনাগত মাহকেইটাত একেৰাহে ক’ভিড সংক্রমণৰ ঢৌৰ সতর্কবাণী দিছে চীন কর্তৃপক্ষই ৷

চীনা চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনৰ মুখ্য মহামাৰী বিজ্ঞানী ৱু জুনিউৱে কয় যে “বৰ্তমানৰ প্ৰাদুৰ্ভাৱ এই শীতকালত শিখৰত উপনীত হ’ব আৰু প্ৰায় তিনি মাহৰ বাবে তিনিটা ঢৌত চলিব” বুলি হংকং পোষ্টে তেওঁৰ ভাষণৰ চৰকাৰী সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে।

বেইজিঙত অনুষ্ঠিত সংবাদমেলত এই মন্তব্য কৰে ৱু জুনিউৱে।

চীনত Covid-19ৰ প্ৰথম ঢৌ জানুৱাৰী মাহৰ মাজভাগলৈকে চলিব
ৱুৰ মতে, “প্ৰথম ঢৌ এতিয়াৰ পৰা জানুৱাৰী মাহৰ মাজভাগলৈকে চলিব। ইয়াৰ পিছত অতি সোনকালে দ্বিতীয়টো ঢৌ আহিব পাৰে, যাৰ সূচনা হ’ব ২১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা চন্দ্ৰ নৱবৰ্ষৰ বাবে সমগ্ৰ দেশতে লাখ লাখ লোকৰ গণ ভ্ৰমণ।” তেওঁ ভৱিষ্যদ্বাণী কৰিছে যে চীনে “ছুটীৰ পৰা মানুহ কামলৈ উভতি অহাৰ পিছত ফেব্ৰুৱাৰীৰ শেষৰ পৰা মাৰ্চৰ মাজভাগলৈকে তৃতীয় ঢৌৰ সন্মুখীন হ’ব”। ২১ জানুৱাৰীত পৰিবলগীয়া চন্দ্ৰ নৱবৰ্ষৰ বন্ধৰ পূৰ্বে গণ ভ্ৰমণৰ ফলত এই ঢৌৰ সূচনা হ’ব বুলি আশা কৰা হৈছে কাৰণ মানুহে এই দিনটো উদযাপন কৰিবলৈ নিজৰ গৃহ চহৰলৈ যাত্ৰা কৰে।

Leave A Reply