Breaking

বিস্ফোৰিত তৈলখাদ নিৰ্বাপনৰ বাবে বাঘজানত উপস্থিত চিংগাপুৰৰ তিনিজনীয়া অভিজন্তা দল ।

0 576

ডিৰাক সীমান্ত

 বাঘজানত ২৭ মাৰ্চৰ পূৱা বি জি আৰ ৫ নং তৈলখাদ বিস্ফোৰণ হোৱা আজি ত্ৰয়োদশ দিনটো অপৰিবৰ্তিত অৱস্থাত নিৰ্গমন হৈ আছে গেছ আৰু তেল ৷ বিপদাপন্ন হৈ পৰা জীৱকুল, মৎস্যকুল তথা জৈৱ-বৈচিত্ৰৰ ভাৰসাম্য ক্ৰমে শেষহৈ গৈছে ৷ বিস্ফোৰিত তেলখাদটো নিয়ন্ত্ৰণৰ বাবে আজি ত্ৰয়োদশ দিনৰ দিনা খাদটো নিয়ন্ত্ৰণৰ বাবে চিংগাপুৰৰ পৰা অসমলৈ অহা অভিযন্তাৰ দলটোৱে ভৰি দিছেহি বাঘজানৰ বি জি আৰ ৫ নং তৈল খাদত ৷ অভিযন্তাৰ দলটোৱে আহি দূৰ্ঘটনা স্থলি পৰিদৰ্শন কৰি পৰিৱেশ পৰিস্থিতিৰ বুজ লয় ৷ তদুপৰি অইল ইণ্ডিয়াই বিগত বাৰ দিনে যি প্ৰাথমিক চেষ্টা অব্যাহত ৰাখিছিল আৰু এইবোৰৰ পৰা তেওঁলোকৰ কিবা সুবিধা হ’বনে নাই তাক পৰ্যবেক্ষণ কৰি আজিৰ বাবে অভিযন্তাৰ দলটোৱে বিস্ফোৰিত খাদটোৰ পৰা ওভতি আহে । বিস্ফোৰণৰ ত্ৰয়োদশ দিনলৈকে অনিয়ন্ত্ৰিত অৱস্থাতে আছে বাঘজান তৈলখাদ ৷ আজিও জীৱন, সম্পত্তিৰ নিৰাপত্তা নাই ইয়াৰ জনসাধাৰণৰ ৷ কিন্তু অইল  ইণ্ডিয়াৰ ওপৰত ৰুষ্ট হোৱা প্ৰকৃতিক শান্ত কৰিব কোনে ?  চিংগাপুৰত কৰ্মৰত এলাৰ্ট ডেমেজ কট্ৰল নামৰ কানাডাৰ কোম্পানীটোৰ বিশেষজ্ঞ অভিযন্তাৰ দলটোলে কেতিয়া কামত হাত দিব আৰু কেতিয়া অহৰহ নিৰ্গমণ হৈ থকা তেল সংমিশ্ৰিত গেছ বন্ধ কৰিবলৈ সক্ষম হব তাক লৈ এতিয়া উৎকন্ঠাই বিৰাজ কৰিছে বাঘজান বাসীৰ লগত সমগ্ৰ ৰাইজ ।

Leave A Reply