Breaking

মঙলদৈ অসামৰিক চিকিৎসালয়ত মুঠ ২ জন ক’ভিড আক্ৰান্ত ৰোগী

0 41

মঙলদৈ,

মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা ২ জনলৈ বৃদ্ধি পালে। নতুনকৈ ভৰ্তি হোৱা ক’ভিড আক্ৰান্ত ব্যক্তিজন হ’ল লালপুলৰ নদীকাষৰ নিজামুদ্দিন আলী (২০)। বুধবাৰে আবেলি প্ৰথমজন ক’ভিড আক্ৰান্তক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত নিশা আনজন আক্ৰান্তক ভৰ্তি কৰোৱা হয়। জিলা প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত স্বাস্থ্য বিভাগে দুয়োজন আক্ৰান্তকে চিকিৎসালয়ত ভৰ্তি কৰিছে। উল্লেখযোগ্য যে নিজামুদ্দিন আলী সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত ভৰ্তি হৈ আছিল ২০ মে’ ৰ পৰা। ইফালে নিজামুদ্দিনৰ লগত প্ৰত্যক্ষভাৱে সংস্পৰ্শলৈ অহা ৪ জন লোকক ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ৰখা হৈছে। 

          আনহাতে,  চিকিৎসালয়ত ভৰ্তি হৈ থকা প্ৰথমজন আক্ৰান্ত আমিৰুল ইছলামৰ পৰিয়ালৰ ৪ জন সদস্যক বুধবাৰে আবেলি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ “চাচপেকটেড ৱাৰ্ড”ত ভৰ্তি কৰোৱাৰ পিছত নিশাৰ ভাগত আন ৪ জন প্ৰত্যক্ষভাৱে সংস্পৰ্শলৈ অহা ব্যক্তিকো এই ৱাৰ্ডত ভৰ্তি কৰোৱা হয়। তদুপৰি আমিৰুলৰ লগত পৰোক্ষভাৱে সংস্পৰ্শলৈ অহা ১৫ জন লোকক খাৰুপেটীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু কুঁৱৰীপুখুৰী আদৰ্শ চিকিৎসালয়ত ৰখা হৈছে।

              ইফালে দৈনিক বহি:ৰাজ্যৰ পৰা বহুলোকৰ আগমণ জিলাখনলৈ ঘটিয়েই আছে । এই লোকসকলক কোৱাৰান্টাইন চেন্টাৰত ৰখাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে । বৃহস্পতিবাৰৰ দিনটোত সৰ্বমুঠ ৪১২ জন লোক কোৱাৰান্টাইন চেন্টাৰত আছে । ইয়াৰে ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ৭ জন, দুনী আদৰ্শ চিকিৎসালয়ত ১ জন, জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত ৬ জন, খাৰুপেটীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰত ৪ জন, কুৱৰীপুখুৰী আদৰ্শ চিকিৎসালয়ত শিশুসহ ১১ জন, ধূলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ হোষ্টেলত  ৫০ জন, খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্রী নিবাসত ৭ জন, খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫২ জন, ছিপাঝাৰ মহাবিদ্যালয়ৰ ছাত্রী নিবাসত ৯ জন, জৱাহৰ নবোদয় বিদ্যালয় ছাত্ৰ নিবাসত ৫৪ জন, মঙলদৈ মহাবিদ্যালয় ছাত্রী নিবাসত ১৯ জন, কেন্দ্ৰীয় বিদ্যালয় মঙলদৈত ৫৩ জন, ছিপাঝাৰ বি, এড কলেজত ২৫ জন, খাৰুপেটীয়া মহাবিদ্যালয়ত ৮০ জন আৰু উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়ত ৩৪ জন লোক আছে ।

Leave A Reply