Breaking

টিংখাঙত শোৱাপাটীৰ পৰা মাজ নিশা চাহ জনজাতি নেতাক আটক : তীব্ৰ প্ৰতিক্ৰিয়া, মুক্তিৰ দাবী

0 58

টিংখাং

মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে বলবৎ হৈ আছে লকডাউন। এই সময়ছোৱাতে চৰকাৰৰ ৰোষত পৰি নিৰাপত্তা বাহিনীৰ হাতত আটক হৈছে এগৰাকী চাহ জনজাতি তথা আদিবাসী যুৱ নেতা। সদৌ অসম আদিবাসী সুৰক্ষা সমিতি নামৰ সংগঠনটোৰ সভাপতি তথা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোনৰ নেতা বলদেৱ তেলীক যোৱা নিশা ডিব্ৰুগড় জিলাৰ ৰাজগড়ত থকা এটা ভাড়াঘৰৰ পৰা সেনা-আৰক্ষীৰ দল এটাই আটক কৰি লৈ যায়। জানিব পৰা মতে নিশা প্ৰায় ৯ বজাত আদিবাসী নেতাগৰাকীক শুই থকা অৱস্থাৰ পৰা নিৰাপত্তা বাহিনীৰ দলটোৱে এখন গাড়ীত তুলি লৈ যায়। ভাড়াঘৰটোৰ মালিকৰ পৰা এখন কাগজত চহী কৰাই নিয়ে যদিও আটক কৰাৰ কাৰণ জনোৱাৰ পৰা নিৰাপত্তা বাহিনীৰ দলটোৱে বিৰত থাকে। এই পৰ্যন্ত বলদেৱ তেলীক নিৰাপত্তা বাহিনীয়ে ক’ত ৰাখিছে পৰিয়ালৰ লোকে জানিব পৰা নাই। টিংখাং আৰু ৰাজগড় আৰক্ষীয়ে বলদেৱ তেলীক আটক কৰা সন্দৰ্ভত পৰিয়ালৰ লোকক   অজ্ঞতা প্ৰকাশ কৰাত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নাগৰিকত্ব সংশােধনী আইন বিৰোধী ঐক্যমঞ্চ, টিংখাঙৰ এগৰাকী সম্পাদকৰো দায়িত্বত থকা বলদেৱ তেলীক অতি শীঘ্ৰে মুক্তি দিবলৈ প্ৰশাসনক বিভিন্ন দল-সংগঠনে দাবী জনাইছে। আজি স্থানীয় টিংখাং ৰাজহ চক্ৰ বিষয়াক নাগৰিকত্ব সংশোধনী আইন বিৰোধী ঐক্যমঞ্চ টিংখাং সাধাৰণ সম্পাদক বিপ্লৱ বৰুৱা, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ, টিংখাং চৰ্কোল বিনোদ মূড়া , অসম চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি দীপক মাঝী, কৃষক মহাসংঘ বলিন্দ্ৰ শইকীয়া, বিপ্লৱী যুৱ সন্থা কুন্তী তাঁতী আৰু আইছাৰ অনিতা হাচাই বলদেৱ তেলীক মুক্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই যৌথভাৱে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে। আনহাতে বলদেৱ তেলীক নিৰাপত্তা বাহিনীয়ে অতৰ্কিতে আটক কৰাৰ কাৰণ অদ্যপি জানিব পৰা নাই। অৱশ্যে ‘কা’ বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰাৰ বাবে নিৰাপত্তা বাহিনীয়ে আটক কৰা বুলি অভিযোগ উঠিছে। উল্লেখ্য যে ‘কা’ বিৰোধী আন্দোলনত জড়িত থকাৰ অভিযোগত অঞ্চলটোৰ কেবাজনো লোকক নিৰাপত্তা বাহিনীৰ দলে আটক কৰি সোধাপোছাৰ পিছত মুকলি কৰি দিছে৷

Leave A Reply