Breaking

ওদালগুৰিৰ বাদলাপাৰা চাহ বাগিচাত নাদত পৰি কৰুণ মৃত্যু দুমহীয়া তৃষ্ণাতুৰ হাতী পোৱালিৰ

0 74

উৎকট গৰমত তৃষ্ণা নিবাৰণৰ বাবে হাতী পোৱালী এটাই পানীৰ সন্ধানত নাদত সোমাই পৰি কৰুণ মৃত্যুক আকোঁৱালি লোৱা এটা মৰ্মান্তিক ঘটনাই বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ ভূটান সীমান্তবাসীৰ চকু সেমেকাই তুলিলে।

বুধবাৰে নিশা ওদালগুৰিৰ ভূটান সীমান্তবৰ্তী বাদলাপাৰা চাহ বাগিচাৰ খুটি লাইন চেকচন নম্বৰ ১০ত পানী খাবলৈ অহা এটা হাতীৰ পোৱালীয়ে কৰুণ মৃত্যুক আঁকোৱালি লয়।

উল্লেখযোগ্য যে বেদখলৰ ফলত ঘটা বনাঞ্চলৰ সংকোচন, পৰ্যাপ্ত খাদ্য আৰু পানীৰ অভাৱ আদি কাৰণত জিলাখনৰ ভাৰত -ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত সম্প্ৰতি বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলিছে জাকে জাকে বনৰীয়া হাতী।

আনহাতে জনবসতিপূৰ্ণ অঞ্চলত বনৰীয়া হাতীয়ে বিচৰণ কৰাৰ ফলতে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাতৰ ঘটনা।

খাদ্যৰ সন্ধানত ঘূৰি ফুৰা বন্য হস্তীৰ জাক এটা বুধবাৰে নিশা বাদলাপাৰা চাহ বাগিচাৰ কুঁৱাটোলৈ পানী খাবলৈ আহে। জাকটোৰে এটা প্ৰায় দুমহীয়া পোৱালি উক্ত কুঁৱাটোত হঠাতে পৰি ওপৰলৈ ওলাই আহিব নোৱাৰাত কৰুণ মৃত্যুক আঁকোৱালি লয়।

বুধবাৰেও ছয়মহীয়া এটি হস্তী পোৱালি পানী খাবলৈ আহি কুঁৱাত পৰি হোৱা কৰুণ মৃত্যুৰ দৃশ্যই জীৱ শ্ৰেষ্ঠ মানুহৰ চকু সেমেকাই তুলিছিল। পুনৰ এটি দুমহীয়া হস্তী পোৱালীৰ একেই কাৰণত মৃত্যু হোৱাত অসম চৰকাৰৰ বন বিভাগ আৰু বিটিচিৰ বন বিভাগক ৰাইজে তীব্ৰ গৰিহণা দিয়ে।

উন্মুক্ত অৱস্থাত থকা কুঁৱাসমূহ পুতি পেলাবলৈ বনবিভাগক ৰাইজে দাবী জনাইছে।

Leave A Reply