Breaking

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এখন গাওঁ

0 2,031

ধুবুৰী জিলাৰ চাপৰ শালকোচা উন্নয়ন খণ্ডত অন্তৰ্গত ৰঙামাটি গাওঁ পঞ্চায়ত ছাচলাপাৰা ২য় খণ্ড গাঁওত আছে এই পথ । উল্লেখ্য যে যোৱা ৫০ বছৰ ধৰি এই পথছোৱা এনেদৰে জৰা জীৰ্ণ হৈ আছে কিন্তু আজি লৈকে জন প্ৰতিনিধি তথা স্হানীয় বিধায়ক নাই কোনো কাণ-সাৰ।এক সময়ত আটাইতকৈ দক্ষ বিধায়ক বুলি নিজকে জাহিৰ কৰিব বিচৰা বিধায়ক অশোক কুমাৰ সিংহীৰ আছিল এইখন সমষ্টিৰ কিন্তু দক্ষ বিধায়ক জনেও দিছে এইখন গাওঁৰ ৰাইজক ৰাম গঠন।বাৰে বাৰে অবগত কৰাৰ পিছতো নহ’ল কোনো কাম। সেই কাৰণে আজি অসম চৰকাৰ হা হা ধ্বনি দিলে। এইখন গাওঁখনৰ ৰাইজে। কিন্তু  অসমীয়াত এসাৰ কথা আছে নহয় যিয়ে লংকাত যায় সিয়ে ৰাৱণ হয়। কিন্তু এইবাৰ আকৌ  নতুন বিধায়ক ।নৱ নিৰ্বাচিত বিধায়ক ছামছুল হুদা ।হুদাক অবগত কৰিছে এই পথছোৱাৰ বিষয়ে এইখন গাওঁৰ দুখীয়া ৰাইজে আমাক জানিবলৈ দিয়ে পিছে বিধায়ক ছামছুল হুদায় এই গাওঁ খনৰ ৰাইজৰ কথা শুনে নে নাই। আৰু কি ব্যৱস্থা গ্ৰহণ কৰে। আমি পৰবৰ্তী প্ৰতিবেদনত সবিস্তাৰে প্ৰকাশ কৰিম।

Leave A Reply