Breaking

ভাৰত-ভূটান সীমান্তৰ লেব্ৰা শান্তিপুৰত আবদ্ধ এটি বনৰীয়া হাতী

0 55

তামুলপুৰ মহকুমাৰ কুমাৰীকাটা ৰেঞ্জৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ লেব্ৰা শান্তিপুৰত এটি বনৰীয়া মাইকী হাতী আঘাতপ্ৰাপ্ত হৈ অসুস্থ হৈ চিকিৎসাধীন হৈ আছে।

জানিব পৰা মতে খাদ্যৰ সন্ধানত ভূটানৰ পাদদেশৰ পৰা নামনিলৈ আহি অসুস্থ হৈ পৰা মাইকী হাতীটো প্ৰৱল বৰষুণৰ বাবে জাকৰ সতে যাব নোৱাৰি লেব্ৰা নদীৰ দাতিত বোকা পানীৰ মাজত আৱদ্ধ হৈ পৰি ৰয়।

বৃহস্পতিবাৰৰ পৰা নদীখনৰ দাঁতিত এনেদৰে পৰি থকা বুলি জানিব পাৰি কুমাৰীকাটা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ বিভাগীয় চিকিৎসকৰ দ্বাৰা হাতীটোৰ চিকিৎসা আৰম্ভ কৰিছে৷

সম্প্ৰতি কুমাৰীকাটা বনবিভাগৰ নিৰীক্ষণতে লেব্ৰা শান্তিপুৰতে আছে অসুস্থ বনৰীয়া হাতীটো।


ভূটান সীমান্তত প্ৰৱল বৰষুণ হোৱাৰ ফলত বনবিভাগৰ দলে প্ৰতিকূল বতৰৰ মাজতে হাতীটো সুস্থ কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

Leave A Reply