Breaking

থানাৰ চৌহদত হিয়া উজাৰি কান্দোনত ভাগি পৰিল এগৰাকী মহিলা কিন্তু কিয় ?

0 66

এগৰাকী মহিলাই থানাৰ চৌহদত হিয়া উজাৰি কান্দোনত ভাগি পৰিল পিছে হঠাৎ এইদৰে কিয় কান্দি উঠিল এইগৰাকী মহিলাই । স্বামীৰ বিৰুদ্ধে গাৰ নোম শিয়ৰি উঠা কেতবোৰ বিস্ফোৰক মন্তব্য কৰিলে পত্নীয়ে ।এগৰাকী যুৱকে নিজৰ পাচঁবছৰীয়া কনমানি সন্তানক লৈ থানাৰ ভিতৰত কিয় আহিবলগা হল । দৰাচলতে এইখন অসমৰ কিছুমান কাহিনী আৰু খৱৰে বাৰুকৈয়ে আমাক মৰ্মাহত কৰি তুলে আৰু এনে কিছুমান খবৰ আমি পঢ়িবলৈ যেন টান পাও পিছে সমাজৰ সজাগতাৰ ভাবে আমি বাতৰি সম্প্ৰচাৰ কৰিবলৈ বাধ্য হও । এতিয়া প্ৰতিবেদনৰ মূল কাহিনীভাগ আগবঢ়োৱাইছো


মানৱ সমাজত লজ্জানত কৰা এখন নাবুত নাশ্ৰুত ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ পোৰাপৰি চৰাঞ্চলত । হয় প্ৰথমে পৰিচয় কৰাই দিছোঁ এইগৰাকী মহিলাৰ নিজৰ ভতিজিৰ স্বামী হৈছে বাবু সেখ নামৰ যুৱকজন । দুয়োজনেই আকৌ একেলগে আজি ধুবুৰী সদৰ আৰক্ষী থানাত উপস্থিত হ’ল । এতিয়া এইগৰাকী যুৱকৰ নাম ৰাখিদুল হক , এইজনেই হৈছে মহিলা গৰাকীৰ স্বামী ৰাখিদুল হক । নিকৃষ্ট কাম কৰা এইগৰাকী লম্পট শ্বামী ৰাখিদুল হকে তেওঁৰ পত্নীৰ নিজৰ বিবাহিতা ভতিজীক লগত লৈ পলায়ন কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিলে তেওঁৰ পত্নীয়ে ।

ৰব ইমানতেই প্ৰতিবেদন শেষ হোৱা নাই , ইফালে এইগৰাকী যুৱক বাবু সেখে অভিযোগ কৰা মতে তেওঁৰ পত্নী ৰেশ্মী খাতুন আজি ধুবুৰী চহৰত থকা বেংকৰ একাউণ্টৰ পৰা ধন উঠাবলৈ আহিছিল ইয়াৰ পাছত বাবু সেখক তেওঁৰ পত্নী ৰেশমী খাতুনে এটা ফোনকল কৰি অৱগত কৰিছিল যে, মোক বলপূৰ্বক ভাৱে অপহৰণ কৰি লৈ গৈ আছে মোক বচাওঁক তাৰ পিছৰে পৰাই দুয়োৰে মোবাইল ফোন বন্ধ কৰি ৰাখিছে বুলি জানিবলৈ দিয়ে এইগৰাকী মহিলাৰ স্বামী বাবু সেখে ।

ইয়াৰ উপৰিও বাবু সেখৰ অভিযোগ বিগত কেবাদিন পূৰ্বেও এইগৰাকী লম্পট ৰাখিদুল হকে মোবাইল ফোন যোগে তেওঁৰ ঘৈনিয়েকক অপহৰণ কৰাৰ ভাবুকি প্ৰদান কৰিছিল বুলি অভিযোগ উত্থাপন কৰি সন্দেহ প্ৰকাশ কৰে বাবু সেখে । বৰ্তমান বাবু সেখ নিজৰ কনমানি সন্তানকলৈ পত্নীক বিচাৰি হতাশ হৈ পৰিছে আনফালে এইগৰাকী মধ্য বয়সীয়া মহিলাৰ লম্পট স্বামীৰ লগতে নিজৰ ভতিজিক বিচাৰি কান্দত ভাগি পৰিল । পিছে দুয়োগৰাকী ভুক্তভোগীয়ে ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও পৰবৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে ওলাই পৰিব কোন সঁচা কোন মিচা ।

Leave A Reply