Breaking

কাঠফুলা খেতিৰে স্বাৱলম্বী হোৱা বনগাঁৱৰ এগৰাকী মহিলা সকলোৰে হৈ পৰিছে আদৰ্শ…

0 20

কাঠফুলা খেতিৰে স্বাৱলম্বী হোৱা এগৰাকী মহিলা। বনগাঁৱৰ এগৰাকী কৰ্ম উদ্যমি মহিলা সকলোৰে হৈ পৰিছে আদৰ্শ। বনগাঁৱৰ জুন্টি বৰা নামৰ এই গৰাকী মহিলাই দেখাইছে স্বাৱলম্বিতাৰ অপূৰ্ব নিদৰ্শন।


যি সময়ত এচামে মহিলা সকলক দুৰ্বল বুলি ভাবে তেনে সময়তে জুন্টি বৰা নামৰ এই গৰাকী মহিলা হৈ পৰিছে সকলোৰে আদৰ্শ।


বিগত কেইবাবছৰো ধৰি কাঠফুলা খেতি কৰি স্বাৱলম্বিতাৰ পৰিচয় দাঙি ধৰিছে এই গৰাকী মহিলাই।এই গৰাকী মহিলাই ঘৰতে বহি নাথাকি কাঠফুলা খেতিৰ যোগেদি এক আদৰ্শ নাৰী হিচাপে বিবেচিত হৈ পৰিছে।

দিব্য জ্যোতি কাকতি, ৰঙামাটি

Leave A Reply