Breaking

বকোৰ বদলা-ৰাঙ্গাপানীত মাতৃস্নেহৰ অপুৰ্ব নিদৰ্শন ৷

0 92

 সোণতলী

পৃথিৱীৰ এক অন্যতম শব্দ হৈছে মা৷ যাৰ বিষয়ে বৰ্ণনা কৰিলে হয়তো দিন-ৰাতি এক হৈ পৰিব৷ মা হৈছে এজন পূৰ্নাংঙ্গ নাৰী৷ সন্তান গৰ্ভধাৰন, সন্তান জন্ম দিয়াৰ লগতে তাক ডাঙৰ দীঘল কৰাজনেই হৈছে মা যাক অভিভাৱক হিচাপে আমি জানো৷ মা হৈছে সন্তানৰ সুঃখ দুখৰ অধিকাৰী৷ সন্তানৰ সকলো কষ্ট মায়ে সহ্য কৰিবলৈ সদায় প্ৰস্তুত থাকে৷ বুকুৰ মাজত কষ্ট ৰাখিও সন্তানৰ সন্মুখত আনন্দৰ মিছা চাকি জ্বলাই পোহৰ দিয়া জনেই মা৷ কিন্তুু তাৰ পিছতো কিছুমান কুলাঙ্গাৰ সন্তানৰ বাবে বিদ্ধাশ্ৰমত থাকিবলগীয়া হয় মাতৃ ৷ বৃদ্ধাশ্ৰমত থাকিও  নিজৰ সন্তানৰ বাবে চকুলো টুকিব লগা হাজাৰ হাজাৰ উদাহৰণ এতিয়াও আছে ৷ দৈনিক মাতৃৰ উপৰত অমানসিক অত্যাচাৰ হোৱা বাতৰি শিৰোনাম দখল কৰি আহিছে৷ মা হেৰুৱা জনেহে জানে মাতৃৰ মৰম কি! মা নথকাজনৰ কষ্ট কোনেও নেদেখে৷ জন্মদাতৃ মা যেতিয়া হেৰাই যায় তেতিয়া মাৰ দৰে ভালপোৱা আন কাৰোবাৰ তাত বিচাৰি পোৱা নাযায়৷ কিন্তুু এইখন পৃথিৱীত দৈবকীয়ে জন্মদিয়া শ্ৰীকৃষ্ণ সম্পুৰ্ণৰূপে লালন পালন কৰিছিল যশোদায়৷ তেনেদৰে মা আমিনায়  হজৰত মহম্মত (ছঃ) জন্ম দিছিল যদিও হালিমাৰ দুগ্ধ পান কৰি ডাঙৰ দীঘল হৈছে বুলি ইতিহাসৰ পৰা জনা যায়৷ কবলৈ গলে আজিৰ যুগত এইবোৰ কথা সাথৰলৈ ৰূপান্তৰিত হৈছে৷ মাতৃপ্ৰেম, মাতৃস্নেহ আজিৰ সমাজত নাইকিয়া হৈ গৈ আছে৷ এটা সময়ত যে এইবোৰ বিলুপ্ত হব সেয়া এক প্ৰকাৰে শিশ্চিত বুলি কলেও ভুল নহব৷ মানৱজাতিৰ একাংশই সদায় নিজৰ স্বাৰ্থৰ পিছে পিছে দৌৰি থকাৰ সময়ত মাতৃস্নেহৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে এজনী ছাগলীয়ে৷ দক্ষিণ কামৰূপৰ বকোৰ বদলা ৰাঙ্গাপানী বজাৰ সমীপত এজনী ছাগলীৰ মাতৃস্নেহৰ নিদৰ্শন চাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ উল্লেখ্য যে, বদলা-ৰাঙ্গাপানী বজাৰ সমীপৰ আচৰফ আলীৰ ঘৰত কিছুদিন পূৰ্বে এজনী ভেৰাক কুকুৰে কামুৰি মাৰি পেলায়৷ ভেৰাজনীৰ মৃত্যুৰ কেইদিনমান পূৰ্বে এটা পোৱালী জন্ম হয় যদিও ভেৰাৰ মৃত্যুৰ পিছত মাতৃৰ দুগ্ধ পান কৰিবলৈ পোৱালীজনীয়ে চিঞৰী থাকে৷ অভিভাৱক আচৰফ আলীয়ে পোৱালীটোৰ অৱস্থা চাই নিজেও উপায়হীন পৰে৷ উল্লেখযোগ্য যে, পোৱালীজনীৰ এনে অৱস্থাত সেই ঘৰৰে ছাগলী এজনীয়ে ভেৰাৰ পোৱালীটোক নিজৰ দুগ্ধ পান কৰিবলৈ সুবিধা দি মাতৃস্নেহৰ শ্ৰেষ্ট নিদৰ্শন দাঙি ধৰিলে৷ ছাগলীজনীৰ এনে কৰ্মই সমগ্ৰহ বদলা-ৰাঙ্গাপানীত বিশেষ চৰ্চা লাভ কৰিছে বুলি জনা গৈছে৷

Leave A Reply