Breaking

দুবছৰে সন্ধানহীন নলবাৰীৰ দাহুদীৰ এজন যুৱক ! পুত্ৰৰ সন্ধান বিচাৰি হাবাথুৰি পিতৃ-মাতৃৰ

0 48

নলবাৰী জিলাৰ বেলশৰ আৰক্ষী থানাৰ অন্তৰ্গত দাহুদীৰ এজন যুৱক বিগত প্ৰায় দুবছৰে সন্ধানহীন হৈ থকাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । উল্লেখ্য, পশ্চিম নলবাৰীৰ দাহুদীৰ অবসৰী কৃতি শিক্ষক সনাতন ৰাজবংশী আৰু লেখিকা যমুনা বৰ্মন ৰাজবংশীৰ পুত্ৰ ৰিদীপ ৰাজবংশী বিগত প্ৰায় দুবছৰে ৰহস্যজনক ভাবে নিখোজ হৈ থকাত আত্মীয়ৰ লগতে অঞ্চলবাসী উদ্বিগ্ন হৈ পৰিছে । চামতাৰ কামৰূপ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ৰিদীপে বাংগালোৰত এম-বি-এ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি এটি ব্যক্তিগত খণ্ডৰ কোম্পানীত কাম কৰিছিল । কিন্তু কভিড সৃষ্ট পৰিস্থিতিৰ বাবে দেশজুৰি লকডাউন ঘোষণা কৰাৰ পিছতে কোম্পানী বন্ধ হোৱাত নিজ গৃহ দাহুদীলৈ উভতি আহে ৰিদীপ । পিছত কভিড পৰিস্থিতি কিছু উন্নত হোৱাত কৰ্মসংস্থাপন বিচাৰি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা কোনো শুংসুত্ৰ নাই ৰিদীপৰ ।

পিতৃ সনাতন ৰাজবংশী , মাতৃ যমুনা বৰ্মন ৰাজবংশী, আৰু আত্মীয়সকলে বিভিন্ন বিচাৰ-খোচাৰ কৰিও ৰিদীপৰ সন্ধান উলিওৱাত ব্যৰ্থ হয় । ইফালে সন্তানক বিচাৰি এতিয়া দিশহাৰা হৈ পৰিছে তেওঁৰ পিতৃ মাতৃ । নিখোজ যুৱক জনৰ সম্ভেদ পালে ৰিদীপৰ পিতৃৰ 9365539643 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে । 

Leave A Reply