Breaking

ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ এজন যুৱক…

0 16

মন থাকিলে চন, বাকৰিৰ মাটিতে ধন আপ্ত এই অসমীয়া বাক্যশাৰী বাস্তৱত ৰূপায়িত কৰিছে জোনাইৰ এজন শিক্ষিত যুৱকে। নিজৰ চোতালত থকা চাৰি বিঘা মাটিত ভোট জলকীয়া খেতিৰে স্বাৱলম্বী হোৱাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে জোনাইৰ চন্দ্ৰপুৰৰ নিবাসী গনেশ কুলিয়ে। যি সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ একাংশ শিক্ষিত যুৱক যুৱতীসকলে কৰ্ম সংস্থাপন বিচাৰি বিভিন্ন সময়ত বহি:ৰাজ্যলৈ ঢাপলি মেলিছে অথবা এটা চৰকাৰী চাকৰিৰ বাবে হাবাতুৰি খাবলগীয়া হৈছে তেনে সময়তে জোনাইৰ এইজন যুৱকে নিজৰ চোতালত থকা মাটিত ভোট জলকীয়া খেতি কৰি জীৱিকাৰ পথ বাছি লৈছে।

চৰকাৰৰ পৰা কোনো ধৰণৰ আঁচনি লাভ নকৰাকৈ নিজৰ ব্যক্তিগত খৰছেৰে তিনিমাহ পূৰ্বে আৰম্ভ কৰা এই খেতিৰ জৰিয়তে গনেশ কুলিয়ে এতিয়া মাহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লাখ টকা পৰ্যন্ত। যুৱ খেতিয়ক গনেশ কুলিয়ে ভোট জলকীয়া খেতিৰ উপৰিও কেৰেলা, বেঙেনা, কণ জলকীয়া আদি বিভিন্ন শাক পাচলিৰ খেতি কৰি মাহে উপাৰ্জন কৰিছে লক্ষাধিক টকা।

অৱশ্যে বতৰ তথা উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি যি দৰত ভোট জলকীয়া বজাৰত বিক্ৰী হ’ব লাগিছিল তেনে মূল্যত বিক্ৰী কৰিব নোৱাৰাৰ বাবে কিছু চিন্তিত বুলি অৱগত কৰিছে যুৱ খেতিয়ক গনেশ কুলিয়ে। ইফালে সম্পূর্ণ জৈৱিক পদ্ধতিৰে ভোট জলকীয়া খেতি কৰি নিজে স্বাৱলম্বী হোৱা যুৱকজনৰ এনে প্ৰচেষ্টাক এতিয়া শলাগ লৈছে সকলোৱে৷

Leave A Reply