Breaking

আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ ২০টাতকৈও অধিক বাদ্যযন্ত্ৰ বজাব পৰা কাকজানৰ এজন যুৱক

0 1,681

সম্প্ৰতি অসমত ক’ৰণাই জনজীৱন বিপৰ্যস্ত কৰি তুলিছে ।ক’ৰণাসৃষ্ট পৰিৱেশৰ বাবে কণ্ঠশিল্পী সকলৰ লগতে বাদ্যযন্ত্ৰী শিল্পী সকলৰো আৰ্থিক অৱস্থা অতি শোচনীয় হৈছে ।কাকজানৰ এজন  যুৱপ্ৰতিভা; নাম পাৰ্থ টিংকু দত্ত।বহুমুখী প্ৰতিভাসম্পন্ন টিংকুৰ আছে সাংস্কৃতিক জগতখনৰ প্ৰতি গভীৰ অনুৰাগ আৰু দায়বদ্ধতা।বিশেষকৈ বাদ্যযন্ত্ৰী শিল্পী হিচাপে টিংকুৱে ঢোল,খোল,নাগাৰা,দোতৰা,আনন্দ লহৰি, হাৰমনিয়াম,তবলা, কীবৰ্ড, পেড, ড্ৰাম চেট আদি মুঠ ২৩ বিধমান বাদ্যযন্ত্ৰ সুন্দৰকৈ বজাৱ পাৰে।পিতৃ ৰোহিত দত্ত আৰু নিজৰ মোমায়েকৰ আঙুলিত ধৰি ঢোলটো কান্ধত লৈ সৰুৰে পৰাই টিংকুৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢোল বাদ্য পৰিৱেশন কৰি অমসৰ লোক বাদ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কামত আত্মনিয়োগ কৰি আহিছে টিংকুৱে ।এই অসাধাৰণ প্ৰতিভা সম্পন্ন যুৱকজনে সোঁ-হাত আৰু বাওঁ হাত অৰ্থাৎ দুয়োখন হাতেৰেই ঢোল বাদ্য সুন্দৰকৈ বজাব পাৰে ।ঢোলৰ ওজা দেৱেশ্বৰ শইকীয়াৰো শিষ্য পাৰ্থ টিংকু দত্তই অসমৰ জনপ্ৰিয় বহু কণ্ঠ শিল্পীৰ লগত বাদ্যযন্ত্ৰী হিচাপে কাম কৰি আহিছে। অভিনয় প্ৰতিভাও আছে টিংকুৰ।স্মৰ্তব্য যে,যোৰহাটৰ কাকজান মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সমাপ্ত কৰা টিংকুৱে কাকজানস্থিত বনগাঁৱত ষ্টাৰ মিউজিক ষ্টুডিঅ’ প্ৰতিষ্ঠা কৰিছে ।লক্ষ্য গ্ৰামাঞ্চলৰ প্ৰতিভাসমূহক এখন উপযুক্ত প্লেটফৰ্ম প্ৰদান কৰা ।বাণীবন্ধন,সংগীত ব্যৱস্থাপনা ,সংগীত পৰিচালনা, শব্দ মিশ্ৰণৰ কাম ষ্টাৰ মিউজিক ষ্টুডিঅ’ৰ যোগেদি সম্পাদনা কৰা হয়। প্ৰতিভাসম্পন্ন যুৱক-যুৱতীক সুপ্ত প্ৰতিভা বিকাশৰ সুবিধা প্ৰদান কৰি আহিছে ।  টিংকু  দত্তৰ হেঁপাহৰ অংকুৰণ “ষ্টাৰ মিউজিক ষ্টুডিঅ’ “সমাগত সময়ত জিলিকি উঠক। ক

Leave A Reply