Breaking

১১ ঘন্টা চাইকেল চলাই আহি কমাণ্ডোৰ ইন্টাৰভিউ দিবলৈ আহিল মৰিগাঁৱৰ এজন যুৱক

0 1,038

জামুগুৰিহাটৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ মূখ্য কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয় হি যুৱক খনিন পাটৰ৷অসম আৰক্ষীৰ কমাণ্ডো পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবেই সুদুৰ মৰিগাঁৱৰপৰ ১১ ঘন্টা চাইকেল চলাই আহি জামুগুৰিহাটৰ কুসুমটোলা দ্বাদশ অসম আৰক্ষী বাহিনীৰ মূখ্য কাৰ্যালয়ৰ সন্মুখত আহি উপস্থিত হয়হি এগৰাকী যুৱক৷মনত অদম্য আশা আৰু সপোন লৈ উপস্থিত হোৱা এটি দৰিদ্ৰ পৰিয়ালৰ এইগৰাকী যুৱকৰ নাম খনিন পাটৰ৷আৰ্থিক অনাটনৰ বাবিই একমাত্ৰ চাইকেলখনকেই সাৰথি কৰি কষ্টৰ ফল ৰত্ন পোৱাৰ প্ৰচুৰ আশা লৈ লক্ষ্যস্থানত উপনিত হোৱা দৰিদ্ৰ পৰিয়ালৰ যুৱকগৰাকীৰ পিতৃ এগৰাকী পেইন্টাৰ আছিল যদিও নানান অসুবিধাৰ বাবেই কৰ্ম পূৰ্ৱৰদৰে কৰিব নোৱাৰাত এইগৰাকী যুৱকে পঢ়াৰ সমান্তৰালকৈ শ্ৰমিকৰ কামো কৰিব লগা হৈছিল৷যাৰবাবে এইদৰে অৰ্থৰ অভাৱত দেশ সেৱাৰ মন লৈ এটি চাকৰিৰ আশাত এইদৰেই যাত্ৰাপথত একাপ চাহ আৰু এটি ৰুটি খাই যাত্ৰা কৰি লক্ষ্যস্থানত উপনিত হৈছেহি উদ্যমি যুৱকজন৷

আনহাতে যুৱকজনে এইদৰে ইন্টাৰভিউ দিবৰ বাবে সূদীৰ্ঘ পথ চাইকেল লৈ আহি উপস্থিত হোৱাত যুৱকজনক সাহস আৰু প্ৰেৰণা দিয়াৰ বাবে গামোছাৰে আদৰণি জনোৱাৰ লগতে থকা খোৱাৰো ব্যৱস্থা কৰি দিছে জামুগুৰিহাটৰ কুসুমটোলা পিঠাগুৰিদৌল যুৱক সংঘৰ যুৱকসকলে৷যুৱকজনৰ আশা পূৰণ হোৱাৰ বাবেও প্ৰাৰ্থনা জনাইছে এইসকল উপস্থিত লোকে৷আমিও আশা কৰিছো চাইকেল লৈ লক্ষ্যস্থান আহি পোৱা এইগৰাকী যুৱক খনিন পাটৰৰ মনৰ সপোন পূৰণ হঁওক আৰু পৰীক্ষাত উৰ্তীৰ্ণ হৈ দেশসেৱাৰ বাবে নিজকে নিয়োজিত কৰাৰ যি সপোন সেয়া সাৰ্থক হঁওক৷

Leave A Reply