Breaking

ষাঁড়ৰ পিঠিত এজন যুৱক, ঘোঁৰাৰ দৰে ভংগীমাত বহি নগৰৰ মাজেৰে সকলোকে আচৰিত কৰি তীব্ৰ বেগেৰে আগবাঢ়িব ধৰিছে, পিছে কোন এই যুৱক?

0 138

আপোনালোকে ঘোঁৰা চলোৱাৰ দৃশ্য নিশ্চয়কৈ দেখিছে। কিন্তু আপুনি কেতিয়াবা কোনোবাই ষাঁড়ৰ পিঠিত উঠা দেখিছেনে? শেহতীয়াকৈ এনে এক ভিডিঅ’ পোহৰলৈ আহিছে।

উত্তৰাখণ্ডৰ হৃষীকেশত এই ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে কেইবাটাও সংবাদ মাধ্যমে। সন্ধিয়াৰ দৃশ্য। হঠাৎ পথচাৰী সকলে এটা ষাঁড় ৰাস্তাৰে লৰালৰিকৈ অহা দেখিলে। কোনেও ষাঁড়ৰ মুখামুখি হ’ব বিচৰা নাই, যাতে কোনো বিপদৰ সন্মুখীন নহয়। কিন্তু সকলোৱে আচৰিত হ’ল, কেৱল ষাঁড়টোৱেই নহয়, তাৰ পিঠিত এজন আৰোহীও। ঘোঁৰাত উঠাৰ দৰে একে ভংগীমাতে ষাঁড়টোত উঠি থকা দেখা গ’ল।

ষাঁড়টোৱে ৰাস্তাৰে লৰচৰ কৰি গৈ আছিল আৰু ডেকাজন পিঠিত বহি আছিল। ঠিক এজন পেছাদাৰী ‘ঘোঁৰাচালক’ৰ দৰেই। যুৱকজন নপৰিলে।

ষাঁড়টোৱে কিছু সময় পোনে পোনে ৰাস্তাৰে দৌৰি গৈ এটা লেনত প্ৰৱেশ কৰিলে। ভিডিঅ’টো তাতেই শেষ হয়। যুৱকজনে ষাঁড়ৰ পিঠিত উঠি পাৰ হৈ যোৱাৰ সময়তে দুই এজন পথচাৰীয়ে ‘কৈলাস্পতি নাথ তি জয়’ বুলি ধ্বনি দিয়ে।ভিডিঅ’টো ইউটিউবত শ্বেয়াৰ কৰে সত্যপ্ৰকাশ নামৰ এজন ইউটিউবাৰে। কেপচনত লিখা আছে, “হৃষিকেশৰ ষাঁড় চলোৱা যুৱক।”

Leave A Reply