Breaking

দৰঙত এগৰাকী মহিলাক দীৰ্ঘদিন ধৰি ব্লেকমেইলিং কৰা যুৱকৰ আত্মহননৰ অপচেষ্টা ৷

0 1,132

দৰং : দৰঙত এগৰাকী মহিলাক ব্লেকমেইলিং কৰা যুৱকৰ আত্মহননৰ অপচেষ্টা ৷ ছিপাঝাৰ থানাৰ অন্তৰ্গত গনেশ কুৱৰীৰ ২নং মাজৰচুবা গাঁওৰ ইমৰাণ হুছেইন নামৰ যুৱকজনে ওচৰৰে এগৰাকী মহিলাক দীৰ্ঘদিনৰ পৰা অশ্লীল ফটো ভাইৰেল কৰাৰ ব্লেকমেইলিং কৰাত মহিলা গৰাকীয়ে অশ্লীল ফটো ভাইৰেল নকৰিবলৈ যুৱক জনক দিবলৈ বাধ্য হৈছিল সোনৰ চেইন ৷ সিমানতো যুৱকজনে ক্ষান্ত নাথাকি সময়ে সময়ে মহিলা গৰাকীৰ স্বামীক ফোন যোগে দিছিল মৃত্যুৰ ভাবুকি ৷ উপায়হীন মহিলা গৰাকীয়ে অৱশেষত ছিপাঝাৰ আৰক্ষী থানাত ইমৰাণ হুছেইন নামৰ যুৱকজনৰ বিৰুদ্ধে বুধবাৰে দাখিল কৰিলে এজাহাৰ ৷ মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত ছিপাঝাৰ থানাৰ আৰক্ষী বিষয়া চন্দ্ৰ কান্ত কলিতাই যুৱক জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে  ৷ সমান্তৰালভাৱে গাঁওৰ গাঁওবুঢ়াৰ উপস্থিতিত গাঁওত দুয়ো পক্ষৰ মাজত আলোচনাত মিলিত হৈ যুৱকজনক ভুল স্বীকাৰ কৰিবলৈ পৰামৰ্শ দিয়াৰ উপৰিও গোচৰীয়া পক্ষক গোচৰ উঠাই লৱলৈয়ো পৰামৰ্শ দিয়ে ৷ তেনে সময়তে যুৱকজনে উক্ত সীদ্ধান্তৰ খৱৰ পাই আত্মহননৰ চেষ্টা চলাই ৷ বৰ্তমান যুৱকজন চিকিৎসাধীন ৷ যুৱকজনৰ আত্মহননৰ অপচেষ্টাৰ পিছতে শুক্ৰবাৰে যুৱকজনৰ মাতৃয়ে অভিযুক্ত যুৱকজনক ফোন কৰি মানসিক নিৰ্যাতন কৰাৰ অভিযোগ তুলি ছিপাঝাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে দৰঙৰ আৰক্ষী অধীক্ষকক দাখিল কৰিলে এজাহাৰ ৷ মাতৃৰ এজাহাৰৰ ভিত্তিত দৰঙৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকা যুৱকজনৰ ঘৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ যুৱকজনৰ মাতৃয়ে ছিপাঝাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে যি অভিযোগ আনিছে সেয়া কিমান সত্য ? নে অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰখা আৰক্ষী বিষয়াজনক তদন্তত বাধা দিবলৈ এয়া এক ষড়যন্ত্ৰ ? নে মহিলা গৰাকীক ব্লেকমেইলিং কৰি হীনমান্যতাত ভুগি আত্মহননৰ অপচেষ্টা চলাইছিল যুৱকজনে ? সকলো তথ্য পোহৰলৈ আহিব   উচ্চ পৰ্যায়ৰ আৰক্ষীৰ তদন্তত ৷

Leave A Reply