Breaking

গোলাঘাট জিলাৰ ২,০৪,৫৩০ ছাত্ৰ ছাত্ৰীৰ আধাৰকাৰ্ড প্ৰস্তুতিৰ কাম আৰম্ভ

0 52

বোকাখাত, ১৩ নৱেম্বৰঃ গোলাঘাট জিলাৰ ২,০৪,৫৩০ গৰাকী ছাত্ৰ ছাত্ৰীৰ আধাৰকাৰ্ড প্ৰস্তুতিৰ কাম যোৱা ১২ নৱেম্বৰৰ পৰা আৰম্ভ কৰা হৈছে। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ১,৬২,৩৬৫ গৰাকী আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৪২,১৬৫ গৰাকী ছাত্ৰ ছাত্ৰীক এই অভিযানত সামৰি লোৱা হৈছে। বৰ্তমান জিলাখনত কেৱল ছাত্ৰ ছাত্ৰীৰ বাবে ন-টাকৈ বিশেষ আধাৰকেন্দ্ৰ মুকলি কৰা হৈছে। এই তথ্য জানিবলৈ দিলে গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলেই। আজি গোলাঘাট পশ্চিম শিক্ষাখণ্ড, বোকাখাতৰ সভাকক্ষত আয়োজিত ছাত্ৰ ছাত্ৰীৰ আধাৰকাৰ্ড প্ৰস্তুতৰ শুভাৰম্ভণি অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে কয় যে ছাত্ৰ ছাত্ৰীৰ লগতে জিলাখনৰ প্ৰায় ১২ লাখ ৩০ হাজাৰ নাগৰিকৰে ইতিমধ্যে ৪,৮০,৫০০ জনৰ আধাৰ কাৰ্ড প্ৰস্তুত হৈ গৈছে। বৰ্তমানলৈকে ৮৭ টা কেন্দ্ৰত আধাৰ কাৰ্ডৰ কাম চলি আছে যদিও পুনৰ ১০৭ টা কেন্দ্ৰত সেই কাম আৰম্ভ কৰি প্ৰস্তুতৰ কাম তৰান্বিত কৰা হ’ব। জিলা আঁচনি বিষয়া মেঘনা বুঢ়াগোহাঁঞিয়ে আঁত ধৰা সভাত আৰম্ভণি ভাষণ প্ৰদান কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বৰ্মন টেৰণে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতা আৰু জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই। ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড প্ৰস্তুতৰ তদাৰকী দায়িত্বত থকা চক্ৰ বিষয়া মানসজ্যোতি নাথে শিক্ষক, অভিভাৱক, বিষয়া-কৰ্মচাৰী সকলোৰে সহযোগিতা বিচাৰে। জিলা প্ৰাথমিক শিক্ষা বিষয়া লাহজা জুৰাম গোচায়ে শলাগ জ্ঞাপন কৰে।

Leave A Reply