Breaking

গোসাইগাঁওত মূল্যবৃদ্ধিৰ প্ৰতিবাদত আমছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট, মহকুমাধিপতিৰ জৰিয়তে মখ্যমুন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

0 77

দৈনন্দিন বাৰ্তাৰ সেৱা, গোসাইগাঁও, ৫ নৱেম্বৰঃ ৰাজ্যত অত্যাবশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰনত ব্যৰ্থ হোৱাৰ বাবে চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ গোসাইগাঁওত। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ(আমছু)ৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আজি গোসাইগাঁৱ মহকুমাধিপতি কাৰ্য্যলয়ৰ সম্মুখত দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে। খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিত সমগ্ৰ দেশৰ লগতে অসমৰ সৰ্বসাধাৰণ লোক আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছে।

দীৰ্ঘ দিন ধৰি খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ অহাত চৰকাৰে খাদ্য সামগ্ৰী নিয়ন্ত্ৰণ কৰিব নোৱাঁৰাত গোসাইগাঁৱ মহকুমাধিপতি কাৰ্য্যলয়ৰ সম্মুখত আমছুয়ে  প্ৰতিবাদী কাৰ্যসূচীত একগোটহৈ অসম চৰকাৰ হায় হায়, ফণী ভূষন চৌধুৰী হায় হায়, যোগান বিভাগ হায় হায়, খাদ্য আৰু যোগান মন্ত্ৰী ফণী ভুষন চৌধুৰী মুৰ্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্লোগানেৰে গোসাইগাঁৱৰ পৰিৱেশ উত্তাল কৰি তোলে।

তদুপৰি আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি ৰফিকুল ইছলাম প্ৰমুক্ষে পশ্চিম কোকৰাঝাৰ জিলা আমছুৰ সভাপতি মাজহাৰুল ইছলামে সংবাদ মাধ্যমৰ আগত কয় যে ইয়াৰ পিছতো যদি চৰকাৰে মূল্যৰোধৰ কোনো ধৰনৰ পদক্ষেপ নলয় আমছুয়ে হাত হাবুটি বহি নাথাকে, প্ৰয়োজনত গণতান্ত্ৰিক ভাৱে আন্দোলন কৰাৰো হুংকাৰ দিয়ে আমছু বিষয়ববীয়াসকলে।

Leave A Reply