Breaking

গোসাইগাঁৱত আমছুৰ শিক্ষা সজাগতা সভা

0 2,218

 “শিক্ষা অবিহনে কোনো এটা জাতি কোনো ক্ষেত্ৰতে সফলতা নাপায়। শিক্ষাৰ অভাবে মানুহৰ চৰিত্ৰ গঠনতো ব্যাপক প্ৰভাব পৰে।অশিক্ষিত লোকৰ মাজত অপৰাধপ্ৰৱনতা বৃদ্ধি পায় শিক্ষাৰ প্ৰসাৰ নঘটিলে সামাজিক ক্ষেত্ৰতো অন্ধ বিশাস, কুপ্ৰথা-অপসংস্কৃতি আদি ক্ষতিকাৰক দিশ সমূহৰ বৃদ্ধি ঘটে।যাৰ বাবে ঘৰে ঘৰে শিক্ষাৰ পোহৰ বিলাবলৈ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে বিশেষ এক কাৰ্যসূচী হাতত লৈছে।”ঘৰে ঘৰে শিক্ষা- তেতিয়াহে ৰক্ষা” শ্লোগানেৰে আমছুৱে শিক্ষাৰ দিশত জাতিটোক আগুৱাই লৈ যাবলৈ দিনে নিশা কাম কৰি যাব”।এই ভাষ্য আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰৰ। তেওঁ আজি আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত গোসাঁইগাঁও সদৰ চহৰৰ এছ এছ মাৰ্কেটৰ প্ৰেক্ষাগৃহত আয়োজন কৰা আমছুৰ মাণ্ডলিকৰ সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰি সৰকাৰে আৰু কয় শিক্ষাৰ প্ৰসাৰ নঘটা বাবেই সংখ্যালঘু সকল নানা দিশত বঞ্চিত প্ৰতাৰিত হৈ থকাই নহয় চৰকাৰী বেচৰকাৰীভাৱে সৰ্বত্ৰ লাঞ্ছনাৰ চিকাৰ হ’ব লগীয়া হয়। শিক্ষাৰ অভাবত সংখ্যালঘু সমাজ নিজৰ প্ৰাপ্য মৌলিক অধিকাৰৰ পৰাও বঞ্চিত হৈ আছে। শিক্ষিতৰ সংখ্যা তুলনামূলকভাৱে কম হোৱা বাবে চৰকাৰেও জাতিটোৰ প্ৰতি চৰম বৈষম্য কৰাৰ সুযোগ পাইছে বুলি অভিযোগ কৰে ছাত্ৰনেতা গৰাকীয়ে।আমছুৱে গ্ৰহন কৰা নতুন কাৰ্যসূচী “ঘৰে ঘৰে শিক্ষা তেনেহলে ৰক্ষা” এই শ্লোগান আগত ৰাখি অসমৰ গোটেই কেইটা জিলাক সামৰি ৮ টা মাণ্ডলিক সমিতি গঠন কৰা হৈছে। পশ্চিম অসমৰ চাৰিটা জিলা সমিতিক সামৰি গঠন কৰা মণ্ডল সমিতিৰ প্ৰথমখন সভা আজি শিক্ষকদিৱসৰ লগত সংগতি ৰাখি গোসাঁগাঁৱত অনুষ্ঠিত হয়। মাণ্ডলিক সমিতিয়ে তৃণমূল পৰ্যায়ৰ পৰা যিমান দল সংগঠন,স্বেচ্ছাসেৱী সংস্হা,ধৰ্মীয়-সামাজিক সংগঠন, ক্লাব, সচেতন নাগৰিক আদিক জড়িত কৰি ঘৰে ঘৰে শিক্ষা প্ৰসাৰৰ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি সভাৰ উদ্দেশ্য বেখ্যা কৰি আজিৰ অনুষ্ঠানৰ মুখ্য সমন্বয়ক তথা আমছুৰ উপ সভাপতি নজৰুল ইছলামে প্ৰকাশ কৰে। উক্ত সভাত শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ ওপৰত তথ্যসমৃদ্ধ সাৰুৱা ভাষণ আগবঢ়ায় সভাৰ মূল বক্তা তথা শিক্ষা বিষয়া জাহাংগীৰ হুছেইনে।আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে পৰিচালনা কৰা সভাত আমন্ত্ৰিত অতিথিসকলৰ চিনাকী আৰু সম্বৰ্ধনা কাৰ্যসূচীৰ পৰিচালনা কৰে আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি মাজহাৰুল ইছলামে।”ঘৰে ঘৰে শিক্ষা, তেতিয়াহে ৰক্ষা” শীৰ্ষক কাৰ্যসূচীত উপ মুখ্য সমন্বয়ক তথা আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ৰফিকুল ইছলামে আমছুৰ কৰ্মী সকলক আৰু অধিক কৰ্মোদ্যমী হবলৈ আহ্বান জনোৱাৰ লগতে আমছুৰ ছত্ৰছায়াত থাকি নিজকে এগৰাকী আদৰ্শৱান যুৱক হিচাপে সমাজত প্ৰতিষ্ঠিত কৰিব লাগিব।নিজে ঠিক নাথাকিলে আনক শাসন কৰিব নোৱাৰিব।ছাত্ৰ- ছাত্ৰী তথা যুৱ প্ৰজন্মৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব।সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ ওপৰত দায়িত্ব ন্যস্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰফিকুল ইছলাম কয় এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ চালচলন বেয়া প্ৰত্যক্ষ কৰি মন মাৰি থাকিলে নহ’ব।নিজৰ সন্তানৰ দৰে প্ৰতিগৰাকী সচেতন লোক যদি অভিভাবকৰ ভূমিকা লয় তেন্তে উঠি অহা প্ৰজন্মৰ বাবে আশীৰ্বাদ হ’ব।যুৱ প্ৰজন্ম ধ্বংসাত্মক দিশত গতি কৰা দেখিও আমি চকু মুদি থাকো বাবেই সিহঁতে কোনটো ভাল আৰু কোনটো বেয়া বুজি পোৱাৰ আগতেই ধ্বংস হৈ পৰে।সমাজত শিক্ষাৰ প্ৰসাৰ ঘটোৱাৰ লগতে সমাজৰ পৰা নিচা-জুৱা আদিৰ প্ৰচলন বন্ধ কৰিব লাগিব।বাল্য বিবাহ কঠোৰভাৱে বন্ধ কৰিব লাগিব। লৰা ছোৱালী সকলক পঢ়া শুনা কৰাবই লাগিব এই বাৰ্তা অতি দৰিদ্ৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি সকলো পৰিয়ালত বিয়পাই দিব লাগিব।আমছুৰ নিতা কৰ্মীয়ে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ মতামত আৰু সমৰ্থন আদায় কৰি আগুৱাই যাবলৈ ৰফিকুল ইছলামে আহ্বান জনায়। আমছুৰ এই কাৰ্যসূচীৰ প্ৰতি চৰকাৰৰ সংশ্লিষ্ট বিভাগক সহযোগ কৰিবলৈ অনুৰোধ জনায় আমছুৰ উপদেষ্টা সকলে।আজিৰ সভাৰ আৰম্ভণিতে দুৰ্বৃত্তৰ হাতত নিহত মেধাৱী ছাত্ৰী নন্দিতা শইকিয়াৰ স্মৰনত এক মিনিট মৌনতা অৱলম্বন কৰে। উক্ত সভাত আমছুৱে মহকুমাটোৰ বিশিষ্ট তথা কৃতী শিক্ষক সকলক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত আমছুৰ পশ্চিম কোকৰাঝাৰ, কোকৰাঝাৰ, ধুবুৰী, বিলাসীপাৰা আৰু পৰ্বতঝোৰা জিলা সমিতিৰ কৰ্ম-কৰ্তা সকলৰ লগতে অঞ্চলৰ বিশিষ্ট ব্যক্তি তথা শিক্ষাবিদ সকল উপস্হিত থাকে।

Leave A Reply