Breaking

গুৱাহাটীত মনীষ চিছ’দিয়াৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

0 67

সোমবাৰে গুৱাহাটীৰ বশিষ্ঠ অঞ্চলৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সুৰা নীতি কেলেংকাৰীত ভূমিকা লোৱাৰ অভিযোগত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰাক লৈ আম আদমী পাৰ্টিৰ নেতা কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে ‘বিজেপি চৰকাৰ গ’ বেক’ শ্ল’গান দি ছিছ’দিয়াক শীঘ্ৰে মুক্তিৰ দাবী উত্থাপন কৰা শুনা যায়।

প্ৰতিবাদস্থলীৰ পৰাই আৰক্ষীয়ে আটক কৰিছে প্ৰতিবাদকাৰীক।

ইফালে, টুইটাৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চিবিআইক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য কৰোৱা বুলি দাবী কৰে, “মোক কোৱা হৈছে যে চিবিআইৰ বেছিভাগ বিষয়াই মনীষক গ্ৰেপ্তাৰ কৰাৰ বিৰোধী আছিল। সকলোৰে তেওঁৰ প্ৰতি বিপুল সন্মান আছে আৰু তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই। কিন্তু… তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ ৰাজনৈতিক হেঁচা ইমানেই বেছি আছিল যে তেওঁলোকে নিজৰ ৰাজনৈতিক নেতাৰ কথা মানিবলগীয়া হৈছিল৷”

উল্লেখযোগ্য যে দেওবাৰে এই কেলেংকাৰীত ভূমিকা লোৱাৰ অভিযোগত কেন্দ্ৰীয় তদন্ত ব্যুৰো (চিবিআই)ৰ আঠ ঘণ্টা ধৰি জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় ছিছ’ডিয়াক।

ইয়াৰ পূর্বে দিল্লীৰ লোধি পথৰ চিবিআইৰ কার্যালয়ত সোধা-পোছাৰ বাবে উপস্থিত হৈছিল মনীষ চিছ’দিয়া৷

Leave A Reply