Breaking

I.N.D.L.A.মহাজোঁটত লাগিছে জঁট; পঞ্জাৱতো কংগ্ৰেছৰে মিত্রতা নহয় AAPৰ

0 27

I.N.D.L.A.মহাজোঁটত লাগিছে জঁট। বুধবাৰে পশ্চিমবংগত TMC এ কোনো ধৰণৰ মিত্ৰতা নকৰাকৈ অকলে নিৰ্বাচন খেলিব বুলি মমতা বেনাৰ্জীয়ে ঘোষণা কৰাৰ কিছু সময়ৰ পিছতে আম আদমী পাৰ্টিয়ে পঞ্জাৱৰ সকলো লোকসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে।

পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত সিং মানে ঘোষণা কৰে যে পঞ্জাৱত কংগ্ৰেছৰে মিত্রতা নহয় AAPৰ। ১৩খন আসনতে প্রতিদ্বন্দ্বিতা কৰিব আম আদমী পাৰ্টিয়ে।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে, “আম আদমী পাৰ্টিয়ে পঞ্জাৱৰ ১৩খন লোকসভা আসনৰ বাবে ৪০ জন প্ৰাৰ্থীক চৰ্টলিষ্ট কৰিছে। আমি প্ৰাৰ্থী চূড়ান্ত কৰাৰ পূৰ্বে এক সমীক্ষা কৰি আছো।”

Leave A Reply