Breaking

নৱ নিৰ্বাচিত অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক জয়ছিং টকবিক কাৰ্বি আংলং জিলা আপকুৰ আদৰণি

0 68

দেওপানী

 শতবৰ্ষ অতিক্ৰম কৰা অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই ২০২০-২২ বৰ্ষৰ বাবে আঞ্চলিক সম্পাদক হিচাপে মনোনীত কৰা বিশিষ্ট সাংবাদিক তথা সাহিত্যিক জয়ছিঙ টকবিক ডিফুস্হিত আঞ্চলিক কাৰ্যালয় ৰাংছিনা ভৱনত আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ্ ইউনিয়ন চমুকৈ আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা আদৰণি জনায়৷ দেশত চলিথকা মহামাৰী কভিড-১৯ৰ আইন অনুসৰি উপসভাপতি ৰবীন বৰুৱা, কেন্দ্ৰীয় সদস্য ছামছিং ক্ৰ আৰু এগৰাকী সদস্যৰে গঠিত সজাতি দলে আঞ্চলিক সম্পাদক জয়ছিং টকবিক আদৰণি জনায়৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত আঞ্চলিক সম্পাদক গৰাকীয়ে অসম সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদকক কৃতজ্ঞতা জ্ঞাপন কৰে৷ আনহাতে এগৰাকী বিশিষ্ট সাংবাদিক আৰু সাহিত্যিকক অসম সাহিত্য সভাই আঞ্চলিক সম্পাদকৰ দৰে এটা গুৰুত্বপূৰ্ণ পদবীত মনোনীত কৰাৰ বাবে আপকু কাৰ্বি আংলং জিলা সমিতিয়ে অসমৰ সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিক অশেষ ধন্যবাদ জ্ঞাপন কৰে৷

Leave A Reply