Breaking

বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰাৰ দাবীৰে মাজুলীত আছুৰ বিক্ষোভ

0 2,201

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমনৰ দিনাই পুনৰ  প্ৰতিবাদ মুখৰ হৈ পৰিল মাজুলী ৷ বিশেষকৈ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ , বৃহৎ নদীবান্ধৰ সমস্যা সমাধান, আৰু বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰাৰ দাবীত মাজুলী জিলা ছাত্ৰ সন্থাই ক’লা পতাকা উৰুৱাই ক’লা বেজ পৰিধান কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই প্ৰতিবাদ স্থলীৰ কয় যে কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ৬নং দফা অতিশীঘ্ৰে ৰূপায়ণ কৰাৰ লগতে বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ দাবী জনাই লগতে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ দাবী জনায়৷

সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পবিত্ৰ গোস্বামীয়ে কয় যে নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ লগতে সকলো বৃহৎ নদীবান্ধ সৰ্বসাধাৰণ জীৱন, সম্পত্তি নিৰাপত্তা নোহোৱা পৰ্যন্ত বন্ধ ৰাখিবলৈ আহ্বান জনাই৷ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই কয় যে – বান গৰাখহনীয়াই সাধাৰণ জনসাধাৰণক বৰ বেয়াকৈ বছৰ বছৰ ধৰি ক্ষতিগ্ৰস্ত কৰি আহিছে৷ সমগ্ৰ অসমৰ লগতে মাজুলীৰো বহু পৰিয়াল গৃহহীন, ভূমিহীন হৈ মথাউৰিৰ ওপৰত আশ্ৰয় ল’ব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ এই বান গৰাখহনীয়া সমস্যা বিজ্ঞানসন্মত পদ্ধতিৰে ইয়াক সমাধান কৰিবৰ বাবে বিশেষ পদক্ষেপ ল’বলৈ দাবী জনোৱাৰ লগতে বান খহনীয়াত আক্ৰান্তক সকাহ দিবলৈ কেন্দ্ৰই যাতে পৰ্যাপ্ত ধনৰাশি মুকলি কৰি দিয়ে তাৰ দাবী জনাইছে আৰু সমান্তৰালভাৱে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ প্ৰধানমন্ত্ৰী গৰাকীৰ লগতে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে৷ এই বিষয় সমূহৰ বাবে আজি মাজুলীত জিলা ছাত্ৰ সন্থাই বৃহৎ নদীবান্ধ বন্ধ কৰক, অসম চুক্তি ৰূপায়ণ কৰক, ৬ নং দফা কাৰ্যকৰী কৰক, বান গৰাখহনীয়া সমস্যা সমাধান কৰক, কেন্দ্ৰীয় চৰকাৰ হায় ,হায় আদি শ্ল’গানেৰে ক’লা বেজ পৰিধান কৰি ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

Leave A Reply