পূৱ মাজুলীত কৃষিভূমি কাঢ়ি লোৱা, খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদত প্ৰতিলিপি দাহ আছুৰ।

উজনি-মাজুলী : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাই বৃহস্পতিবাৰে বনগাঁও চাৰিআলিত উদ্যোগ স্থাপনৰ অজুহাতত কৃষিভূমি কাঢ়ি লোৱা আৰু খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা কৰাৰ বাবে অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা খিলঞ্জীয়া বিৰোধী সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰে৷ কভিড-১৯ ৰ সামাজিক দূৰত্ব মানি পালন কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই উপস্থিত সকলোৱে কোনো কাৰণতে এনে জাতিদ্রোহী সিদ্ধান্ত মানি নলওঁ আৰু প্ৰয়োজন অনুসৰি ইয়াত কৈ ভয়াবহ ৰূপে আমাৰ আন্দোলন চলি যাব বুলি মন্তব্য কৰে। অসমৰ জনসাধাৰণক কভিড-১৯ ৰ এই বিপদৰ সময়ত সকলোকে গৃহ বন্ধী কৰি এনে সিদ্ধান্ত লোৱা অসম চৰকাৰৰ কেবিনেটক ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰাৰ কথা উল্লেখ কৰে। এই কাৰ্যসূচীত আঞ্চলিক ছাত্ৰ ছাত্ৰ সন্থাৰ ২০ জন সতীৰ্থ, স্থানীয় ৰাইজ উপস্থিত থাকে। কাৰ্যসূচী সফল ৰূপায়ন কৰাৰ বাবে আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কাকুমনি কলিতাই সকলোকে ধন্যবাদ জনায়।

Related Articles