Breaking

নাজিৰাত শিলাদিত্য বিৰুদ্ধে ঐক্য সেনা অসমৰ প্ৰতিবাদ

0 1,185

গেলেকী :  ৰাজ্যজুৰি অব্যাহত আছে হোজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত্যদেৱৰ বিৰুদ্ধে প্ৰতিবাদ৷ ১০ আগষ্ট সোমবাৰে আবেলি পৰত নাজিৰা মহকুমা নগৰৰ অ’এনজিচি চাৰিআলিত ঐক্য সেনা অসমৰ উদ্যোগত বিধায়ক শিলাদিত্যদেৱৰ বিৰুদ্ধে পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত। লগতে আন দুটা জাতীয় সংগঠনে সহযোগ আগবঢ়ায়। সম্প্ৰতি সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী বিজয়ী চৈয়দ আব্দুল মালিকক জেহাদী আখ্যা দিয়াৰ বাবে এইদৰে নাজিৰাত শিলাদিত্যদেৱৰ পুত্তলিকা দাহ কৰে ঐক্য সেনা অসমে। প্ৰতিবাদকাৰীয়ে নাজিৰা সদৰ আৰক্ষীৰ চকুৰ সন্মুখতেই বিভিন্ন কটু মন্তব্যৰে চৰকাৰ বিৰোধী শ্ল’গানেৰে শিলাদিত্যদেৱৰ পুত্তলিকা দাহ কৰি উত্তাল কৰি তোলে নাজিৰাৰ ৰাজপথ।

Leave A Reply