Breaking

পৰ্বতঝোৰাৰ দেৱীতলাত ABMSU ৰ প্ৰতিবাদী কাৰ্যসূচী…

0 51

এটেনশ্বন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। এটেনশ্বন বি টি আৰ প্ৰধান প্ৰমোদ বড়ো।এটেনশ্বন সাংসদ মৌলানা বদৰুদ্দিন আজমল। এটেনশ্বন এম চি এল এ মুনমুন ব্ৰক্ষ্ম। দেবীতোলা মদাতী সংযোগী পথৰ ওপৰত এখন দলংৰ বাবে কিয় প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে ABMSU ৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে। বি টি আৰৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ মদাতী – দেবীতোলা সংযোগী পথৰ শিলাই নদীৰ ওপৰত দলং নিৰ্মাণ কৰাৰ দাবীত আজি ABMSU আৰু স্কুলীযা ছাত্ৰ ছাত্ৰীযে এক প্ৰতিবাদ সাব্যস্ত কৰিব লৈ বাধ্য হয়।

উল্লেখ্য যে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ অতিক্ৰম কৰিলে যদিও এই অঞ্চলৰ বাট পথ দলং নিৰ্মাণ নকৰিলে কোনো এখন চৰকাৰে। জৰাজীৰ্ণ পথৰ বাবে জ্বলা কলা খাই আহিছে বৃহত্ত্বৰ দেবীতোলা- মদাতী অঞ্চলবাসী ৰাইজে। এনেদৰে টুলুঙা নাওঁৰে বিপদ সংকুল যাত্ৰা কৰিব লগা হৈছে দেবীতোলা মদাতী অঞ্চলৰ ৰাইজে। চিকিৎসালয় লৈ ৰোগীক নিয়াৰ বাবে যমৰ যাতনা ভুগিব লগীয়া হৈছে ইয়াৰ স্থানীয় ৰাইজে। ১৭বছৰ বি টি আৰত হাগ্ৰামা মহিলাৰীয়ে শাসন কৰাৰ পাছতো পৰিৱৰ্তন নহল।

কিন্তু পৰিবৰ্তনৰ শ্লোগান দি বি টি আৰ দখল কৰা প্ৰমোদ বড়োয়েও অঞ্চলটোৰ প্ৰতি তিলমাত্ৰও গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈছে। মুছলমান অধ্যুষিত অঞ্চল হোৱাৰ বাবে ৰাস্তা – ঘাট, দলং – কালবাৰ্ড নিৰ্মাণৰ ক্ষেত্ৰত মাহী আইৰ দৃষ্টিৰে চাইছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বি টি আৰ প্ৰধান প্ৰমোদ বড়ো, এম চি এল এ মুনমুন ব্ৰক্ষ্মই। এনেকি স্থানীয় বিধায়ক নিজানুৰ ৰহমান আৰু ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলেও এই অঞ্চলত কোনো উন্নয়ন নকৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদ কাৰীয়ে। উপায় বিহীন হৈ আজি ABMSU আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীযে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, প্ৰমোদ বড়ো গো-বেগ, বি জে পি গো-বেগ,UPPL গো-বেগ,BPF গো-বেগ, হাগ্ৰামা মহিলাৰী মূৰ্দাবাদ, মুন মুন ব্ৰহ্ম গো-বেক আদি শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তোলে।

গৌৰীপুৰৰ পৰা ছামচুল হক

Leave A Reply