Breaking

অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ সৌজনত কাকীত অসম ভিত্তিত “লাচিত কাপ ফুটবল প্রতিযােগিতা

0 1,253

অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ কাকী শাখাৰ ব্যবস্থাপনাত “লাচিত দিৱসৰ লগত সংগতি ৰাখি অসম ভিত্তিত “লাচিত কাপ” ফুটবল প্রতিযােগিতা খন ১৫ নৱেম্বৰৰ পৰা অনুষ্ঠিত কৰা হৈছিল । অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ কাকী শাখাৰ কার্যকর্তা সকলৰ অশেষ প্রচেষ্টাত এই ফুটবল প্রতিযােগিতা খন ১ নং কাকী ক্রীড়াসন্থাৰ খেল পথাৰত অনুষ্ঠিত কৰা হৈছিল । খেল খনৰ প্রথম পুৰস্কাৰ নগদ ১৫,০০১ টকা তথা এক চলন্ত লাচিত ট্ৰফী। দ্বিতীয় পুৰস্কাৰ ৭০০১ টকা তথা এক ট্রফী। খেল খন ৰাইজৰ বাবে কোনাে ধৰণৰ টিকটৰ ব্যৱস্থা নকৰি সম্পূর্ণ বিনামূলীয়া প্রক্রিয়াৰে অনুষ্ঠিত কৰা হৈছিল ।

১৫ তাৰিখৰ পৰা অনুষ্ঠিত হৈ থকা এই “লাচিত কাপ” ফুটবল প্রতিযােগিতাৰ ফাইনেল খেল খন যোৱা ৬ ডিচেম্বৰ তাৰিখে অৰ্থাৎ কালি অনুষ্ঠিত হৈ যায়। লাচিত কাপ ফুটবল প্রতিযােগিতা খনৰ চেম্পিয়ন হয় জাগীৰােড একাদশ । জাগীৰােড একাদশ দলে 3-1 গলৰ ব্যবধানত পৰাত্ত কৰে সঞ্জুৰাং ফুটবল একাদশক।

উল্লেখ্য যে ছেমিফাইনেলত সঞ্জুৰাং ফুটবল একাদশে টাইব্ৰেকাৰত ৪-২ গলৰ ব্যৱধানত পৰাস্ত কৰিছিল কিশলয় সংঘক ।

বিদ্যার্থী পৰিষদ কাকী শাখাৰ সভাপতি পুলিন বৰা, সম্পাদক পার্থ প্রতিম শইকীয়া, যুটীয়া সম্পাদক হিৰক জ্যোতি বৰা, ঋতু ৰাজ শইকীয়া, ৰত্নেশ্বৰ দাস, চচিয়েল মেডিয়া প্রমুখ দিব্যজ্যোতি বৰা, ক্রীড়া সম্পাদক ৰাহুল ভৌমিক, উৎপল ডেকা, দিপুজজল দাস আৰু খেল পৰিচালনা সমিতিৰ সভাপতি ভাগ্য জ্যোতি বৰা, সম্পাদক বিশ্বজিৎ কাকতিৰ প্রচেষ্টাত খেল খন অনুষ্ঠিত হয়।

Leave A Reply