Breaking

জেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীৰ মুক্তি দাবীত মৰাণত এবিভিপিৰ প্ৰতিবাদ

0 31

দৈনন্দিন বাৰ্তাৰ সেৱা, মৰাণ, ১০ নৱেম্বৰঃ মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী জুমুঠি জ্বলিল উজনি অসমৰ মৰাণত। চৰাইদেউ জিলাৰ মৰাণত আজি অখিল ভাৰতীয় বিদ্যাৰ্থীৰ পৰিষদৰ চৰাইদেউ জিলাৰ মৰাণ নগৰৰ সমিতিৰ  উদ্যোগত ষড়যন্ত্ৰ মূলক ভাবে আটক কৰা জেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত মৰাণ সোণাৰি পথ অৱৰোধ কৰি উদ্ধৱ থাকৰেৰ প্ৰতিমূৰ্তি জুমুঠি দাহ কৰি সাংবাদিক গৰাকীৰ মুক্তিৰ দাবী জনায়। প্ৰতিবাদীসকলে মহাৰাষ্ট্ৰ চৰকাৰ মুৰ্দাবাদ, উদ্ধৱ থাকৰে মুৰ্দাবাদ, শিৱ সনা  মুৰ্দাবাদ আদি প্ৰতিবাদী শ্ল’গানেৰে মৰাণৰ আকাশ-বতাহ কপাই তোলে।

উল্লেখ্য যে, প্ৰায় দুবছৰৰ পূৰ্বে মহাৰাষ্ট্ৰত সংঘটিত হোৱা এক আত্মহত্যাৰ ঘটনাত সাংবাদিক অৰ্ণৱ গোস্বামীৰ নাম সাঙোৰ খোৱাৰ অভিযোগ উত্থাপিত হৈছিল যদিও তথ্য প্ৰমাণৰ অভাৱত সেই সময়ত মুম্বাইৰ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগৰ ফাইল বন্ধ কৰি দিছিল। কিন্তু শেহতীয়াকৈ আত্মহত্যা কৰা ইন্টেৰিয়ৰ ডিজাইনাৰ অন্বয় নায়কৰ পৰিয়ালৰ আবেদনৰ ভিত্তিত শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে তদন্ত পুনৰ মুকলি কৰাৰ নিৰ্দেশ দিয়াৰ পিছতে যোৱা ৪ নৱেম্বৰ তাৰিখে মুম্বাই আৰক্ষীয়ে আটক কৰিছিল অৰ্ণৱক।

Leave A Reply