Breaking

শিক্ষাবিদ,জ্যেষ্ঠ অধিবক্তা শুকুৰাম দাসৰ মৃত্যু

0 1,041

নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী শেনচোৱা নিৱাসী শিক্ষাবিদ, জ্যেষ্ঠ অধিবক্তা, সমাজকৰ্মী শুকুৰাম দাস (৮১)ৰ শুকুৰবাৰে পুৱা নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে । শুকুৰবাৰে পুৱা হঠাৎ অসুস্থ হৈ পৰা শুকুৰাম দাসে আকস্মিকভাৱে মৃত্যুক সাবটি লয়। শেনচোৱা অঞ্চলৰ প্ৰতিটো সামাজিক কামত নেতৃত্ব প্ৰদান কৰা শুকুৰাম দাসে শেনচোৱা বালক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নগাঁও মহাবিদ্যালয়ৰ পৰা ১৯৬১ চনত পি. ইউ. পাছ কৰে। আনহাতে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সমান্তৰালভাৱে বৃহত্তৰ শেনচোৱা অঞ্চলক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্রত তেওঁ মনোনিৱেশ কৰে আৰু শেনচোৱা আনন্দৰাম বৰকাকতী উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে দুবছৰ কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পিছতে তেওঁ ধুবুৰীৰ ষ্টেটিক্স এণ্ড ইকনমিক্স বিভাগৰ চাকৰিত যোগদান কৰে আৰু ধুবুৰী কলেজৰ পৰা ১৯৬৫ চনত স্নাতক ডিগ্ৰী লাভ কৰে।

পৰবৰ্তী সময়ত উক্ত চাকৰি ইস্তফা দি তেওঁ পুনৰ নগাঁৱৰ নিজা ঘৰলৈ ঘূৰি আহে। আনহাতে বিগত ৫০ বছৰে এক বিশেষ চিকিৎসা পদ্ধতিৰে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰি অহা শুকুৰাম দাসৰ চিকিৎসাত ভালে সংখ্যক কৰ্কট ৰোগীয়ে আৰোগ্য লাভ কৰে বুলি জানিব পৰা গৈছে ।অতি সম্প্ৰতি নেচনেল বায়ডাইভাৰচিটি অথ’ৰিটিয়ে দাসৰ এই বিশেষ চিকিৎসা পদ্ধতিক স্বীকৃতি প্ৰদান কৰে বুলি জানিব পৰা গৈছে ।আনহাতে ১৯৮৮ চনত দাসে নগাঁও আইন মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে আইনৰ ডিগ্ৰী লাভ কৰে। আনহাতে ১৯৭২ চনৰ পৰা কৰ্কট ৰোগৰ চিকিৎসা প্ৰদান কৰি লাভ কৰা অভিজ্ঞতাখিনিক লৈ শুকুৰাম দাসে “কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰ?” শীৰ্ষক এখন গ্ৰন্হ লিখি উলিয়ায়।

৯ জানুৱাৰীত উক্ত গ্ৰন্থখন দিছপুৰ প্ৰেছ ক্লাৱত উন্মোচন কৰাৰ কথা। দুখৰ বিষয় যে শুকুৰবাৰে পুৱা আকস্মিকভাৱে দাসে মৃত্যুক সাবটি লোৱাত তেওঁৰ সেই ইচ্ছা অসম্পূৰ্ণ হৈ ৰ’ল। আনহাতে দাসৰ মৃত্যুৰ বাবে গ্ৰন্হখনৰ উন্মোচন স্হগিত ৰখা বুলি তেওঁৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।পৰবৰ্তী সময়ত গ্ৰন্থখন পৰিয়ালৰ লোকে উন্মোচন কৰিব বুলিও জনায় । নগাঁৱৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ জড়িত দাসক অসম সাহিত্য সভাই ‘নিজৰ দিন’ উপলক্ষ্যে দাসক ব’হাগৰ ওলগ জনায়। শুকুৰাম দাসৰ মৃত্যুত নগাঁও বাৰ এছচিয়েচন, নগাঁও জিলা সাহিত্য সভা, নগাঁও প্ৰেছ ক্লাৱ, অৰুণোদয় সাহিত্য চ’ৰা, শেনচোৱা আঞ্চলিক উৎসৱ উদযাপন সমিতি, ৰণাংগন প্ৰকাশন, ক্ৰান্তিকাল প্ৰকাশনৰ উপৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই শোক প্ৰকাশ কৰে । মৃত্যুৰ সময়ত জ্যেষ্ঠ অধিবক্তা দাসে পত্নী, জ্যেষ্ঠ পুত্ৰ তথা ৰণাংগন বাৰ্তালোচনী আৰু সপ্তাহিক কাকতৰ সম্পাদক মিণ্টু দাসৰ লগতে এগৰাকী কন্যা আৰু এজন পুত্ৰ,বোৱাৰী, নাতি অসংখ্য আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।

Leave A Reply