Breaking

হিমাচল প্ৰদেশৰ কুলুত ভয়ংকৰ দুৰ্ঘটনা, ৭জন লোক নিহত, আহত ১০

0 51

দুৰ্ঘটনাত আহতসকলক বাঞ্জাৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁলোকক স্থানান্তৰ কৰা হয় কুলু হাস্পতাললৈ।

হিমাচল প্ৰদেশৰ কুলু জিলাত এখন যাত্ৰীবাহী বাহন দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৭জন পৰ্যটকৰ মৃত্যু হয়। আহত হয় ১০জন লোক। নিহত পৰ্যটকসকলৰ ভিতৰত ৰাজস্থান, মধ্য প্ৰদেশ, হাৰিয়ানা আৰু দিল্লীৰ বাসিন্দা আছে। দেওবাৰে নিশা ৮.৩০ বজাত সংঘটিত এই দুৰ্ঘটনাটো।দুৰ্ঘটনাত আহতসকলক বাঞ্জাৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁলোকক স্থানান্তৰ কৰা হয় কুলু হাস্পতাললৈ। কুলু জিলাৰ উপায়ুক্ত আশুতোষ গৰ্গই জনাইছে যে গাড়ীখনত চালকসহ মুঠ ১৭জন লোক আছিল।আৰক্ষী অধীক্ষক গুৰুদেৱ সিঙে জনাইছে, ‘‘৭জনৰ মৃত্যু হৈছে দুৰ্ঘটনাত। ইয়াৰ উপৰি আহত হৈছে আন ১০জন। আহতসকলৰ ভিতৰত ৫জনক প্ৰেৰণ কৰা হৈছে কুল্লুৰ জিলাৰ জ’নেল হাস্পতালত। বাকী ৫জনৰ চিকিৎসা চলিছে বাঞ্জাৰৰ স্থানীয় হাস্পতালত।

Leave A Reply