Breaking

কৰ্মচাৰীৰ অভাৱত এবছৰে খুলিব পৰা নাই একাউণ্ট

0 1,352

দিপীলা : অসম গ্ৰামীণ বিকাশ বেংক দুনী শাখাত অথন্তৰ ৷ এবছৰে শাখাটোত ৰাইজে খুলিব পৰা নাই একাউণ্ট ৷ ইয়াকে লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া ৷ ইতিমধ্যে অসম চৰকাৰে ৰাজ্যৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে প্রতিজন ছাত্ৰ-ছাত্ৰীক ৩০ নৱেম্বৰৰ ভিতৰত একাউণ্ট খুলিবলৈ নিৰ্দেশ দিছে যদিও দুনী গ্ৰামীণ বিকাশ বেংকৰ এলেকাৰ অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান একাউণ্ট খুলিবলৈ সমৰ্থ হোৱা নাই ৷ অৰুনোদয় আঁচনি, জৱকাৰ্ড, বৃদ্ধ পেঞ্চন আদিকে ধৰি বিভিন্ন আঁচনিৰ বাবে বেংক একাউন্টৰ প্ৰয়োজন যদিও বেংকৰ একাউন্ট খুলিব নোৱাৰি বঞ্চিত হৈছে হিতাধিকাৰী সকল ৷ বেংকৰ শাখাটোত একাউণ্ট খুলিবলৈ গৈ হতাশ মনেৰে ঘৰলৈ উভতি যাবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ জনতা ৷ আনহাতে বেংকৰ শাখাটোৰ কৰ্মচাৰীৰ দুব্যৱহাৰে অতিষ্ঠ কৰিছে গ্ৰাহক সকলক ৷ প্ৰাপ্ত তথ্যত জানিব পৰা মতে অসম গ্ৰামীণ বিকাশ বেংক দুনী শাখাটোত মেনেজাৰ এগৰাকী, সহকাৰী মেনেজাৰ এগৰাকী, কোষাধ্যক্ষ দুগৰাকী আৰু পত্ৰবাহক এগৰাকী থাকিব লাগে যদিও আজি প্ৰায় এবছৰৰ পৰা শাখাটোত আছে এগৰাকী মেনেজাৰ আৰু এগৰাকী কোষাধ্যক্ষ ৷ যাৰ বাবে বেংকৰ শাখাতোত পাপ্য সুবিধাৰ পৰা বঞ্চিত হৈছে সাধাৰণ জনতা ৷ ইফালে বেংকটোৰ অধীনৰ গ্রাহক সেৱা কেন্দ্রসমূহতো বহুদিনৰ পৰা নলবাৰী ৰিজনেল অফিচে বন্ধ কৰি থৈছে একাউণ্ট খোলাৰ সুবিধাৰ পৰা ৷ দুনীস্থ বেংক শাখাটোৰ অধীনৰ ৰাইজে অভিযোগ কৰা অনুসৰি চিএচপি কেন্দ্র সমূহত বিগত এবছৰ ধৰি সকলো ধৰণৰ একাউন্ট খোলা বন্ধ কৰি থোৱাৰ ফলত অসম চৰকাৰে ছাত্ৰ-ছাত্ৰী সকলক স্কলাৰশ্বিপকে আদি কৰি বিভিন্ন আচঁনিৰ অধীনত প্রদান কৰা সা- সুবিধা সমূহ স্হানীয় চি এচ পি কেন্দ্রৰ যোগেদি পাব লগা সুবিধাৰ পৰা বঞ্চিত হবলগীয়া হৈছে। আনহাতে একাংশ অভিভাৱকে সন্তানক লগত লৈ একাউন্ট খুলিবলৈ তাত বাটি কৰি ফুৰিছে। পিছে অঞ্চলটোৰ একাংশ গ্রাহকে এই ক্ষেত্ৰত কেইবাদিনো গ্রাহক সেৱা কেন্দ্রসমূহত গৈ হতাশ মনেৰে উভতি আহিব লগা হৈছে। মনকৰিবলগীয়া কথাতো হ’ল গ্রাহক সেৱা কেন্দ্রসমূহে গ্রামাঞ্চলত গ্রাহকক উপযুক্ত সেৱা আগৱঢ়ায় উপকৃত কৰি আহিছে যদি এইক্ষেত্ৰত একাউন্ট খোলা প্রক্ৰিয়াটো বিভাগীয় কৰ্তৃপক্ষই বন্ধ কৰি থোৱাত কেন্দ্রসমুহ ৰাইজৰ সমালোচনা সন্মুখীন হ’ব লগা হৈছে গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালক সকল। অঞ্চলটোৰ ক্ষুব্ধ গ্রাহকে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক শীঘ্রে গ্রাহক সেৱা কেন্দ্রসমূহত গ্রাহকৰ একাউন্ট খুলিবলৈ দাবী জনোৱাৰ লগতে তৎকালে দুনী গ্ৰামীণ বিকাশ বেংকত কৰ্মচাৰী নিয়োগ কৰিবলৈ দাবী জনাইছে ৷

Leave A Reply