Breaking

ভূৰাগাঁৱৰ ধৰ্ষণ-হত্যাকাণ্ডৰ অভিযুক্ত চৈয়দ আলী আৰক্ষীৰ জিম্মাত।ছাত্ৰ অৱস্হাৰ পৰাই ছৈয়দ আলীৰ আছে বহু কলংকিত অধ্যায়

0 2,024

মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বালিডোংগা গাঁৱত যোৱা ২০  জুনত সংঘটিত হয় মানৱ সমাজক লজ্জানত কৰা এক ভয়ংকৰ ধৰ্ষণ -হত্যাকাণ্ডৰ ঘটনা ।সেইদিনা ৰাতিপুৱা ৯ বছৰীয়া এটি কণমানি কন্যা শিশু নিজৰ পোহনীয়া চৰাইৰ বাবে জামুন গুটি বুটলিবলৈ ঘৰৰ পৰা ওলাই আহিছিল ।সেই সময়ত পৰিবেশৰ পূৰ্ণ সুযোগ লৈ ৬৫ বছৰীয়া নৰপিশাচ চৈয়দ আলীয়ে শিশুটিক উপৰ্যুপুৰি ধৰ্ষণ কৰি হত্যা কৰিছিল ।হত্যাৰ পিছতো দানৱ চৈয়দ আলীয়ে শিশুটিক পুনৰ ধৰ্ষণ কৰিছিল ।নিজৰ কুকৰ্ম ঢাকিবলৈ নৰখাদক চৈয়দ আলীয়ে বস্তাত ভৰাই মৃত শিশুটিক ঘৰৰ ওচৰৰে মৰাপাট খেতিত পেলাই দিছিল ।এই নাৰকীয় ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল ।মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ভূৰাগাঁৱত উপস্হিত হৈ জঘন্য ঘটনাৰ মূল অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিছিল ।আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে তদন্ত কৰি সেই নাৰকীয় ঘটনাৰ মূল অভিযুক্ত ৬৫ বছৰীয়া নৰপিশাচ চৈয়দ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।সম্প্ৰতি নৰপিশাচ চৈয়দ মৰিগাঁও আৰক্ষীৰ জিম্মাত আছে ।৬৫ বছৰীয়া নৰখাদকজনৰ আছে অতীতৰ বহু কলংকিত অধ্যায় ।চৈয়দ আলী আছিল মাদ্ৰাছাৰ ছাত্ৰ ।মাদ্ৰাছাত অধ্যয়ন কৰাৰ সময়ত কিশোৰ ছাত্ৰ তেঁওৰ কামনাৰ বলি হৈছিল ।যাৰ বাবে  কেবাখনো মাদ্ৰাছাৰ পৰা বহিস্কাৰ হব লগা হৈছিল ।মাদ্ৰাছাৰ শিক্ষা সমাপ্ত কৰি চৈয়দ আলী  হৈ পৰিছিল মাদ্ৰাছাৰ শিক্ষক আৰু মছজিদৰ ইমাম ।ইয়াৰ উপৰি তবলীগ জামাতৰ আমিৰৰ দাজিত্ব পালন কৰিছিল নৰখাদক চৈয়দে ।তবলীগ জামাতত যোৱা যুৱকৰ লগতো কুকৰ্ম সংঘটিত কৰিছিল ।আনহাতে নৰপিশাতটোৰ পৰা জীৱ জন্ত্তও সাৰি যোৱা নাছিল ।এবাৰ নৰখাদক চৈয়দে ছাগলীৰ লগত কুকৰ্ম কৰি ৰাইজৰ আগত ধৰা পৰিছিল ।তেতিয়া স্হানীয় ৰাইজে ৰাউজমেল পাতি চুলি কাটি মূখত -মূৰত চূণ তেল সানি ডিঙিত টিন বান্ধি ৰাস্তাই ৰাস্তাই ঘূৰাই বিচাৰ কৰিছিল ।তেতিয়াৰ চৈয়দ আলীৰ নাম হয় পাঠা ।স্হানীয় অঞ্চলত চৈয়দ আলী বুলি চিনি নাপায় পাঠা বুলি কলেহে চিনি পায় । চৈয়দৰ এনে কুকৰ্মৰ বাবে স্হানীয় ৰাইজে ৰাজহুৱা ভাৱে ধৰ্মীয় সকলো কামৰ পৰা আতঁৰাই ৰাখিছিল । লম্পট চৈয়দ  কেবাবাৰো ৰাইজৰ কঠোৰ বিচাৰৰ সন্মূখীন হব লগা হৈছিল । চৰিত্ৰহীন চৈয়দৰ বৃদ্ধ বসয়তো পৰিৱৰ্তন নহল চৰিত্ৰ ।নিজৰ নাতিনীৰ বয়সতকৈয়ো কম বসয়ৰ শিশুটিক নিৰ্দয়ভাৱে ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক স্হানীয় ৰাইজে সহজভাৱে  লব পৰা নাই ।  ইমানেই নহয় নৰখাদকটোৱে কণমানিৰ জানাজাৰ লগতে সকামতো অংশগ্ৰহন কৰিছিল ।স্হানীয় ৰাইজৰ এটাই দাবী এই নৰপিশাচটোক ফাঁচি দিব লাগে ।স্হানীয় ৰাইজৰ এটাই দাবী আইনৰ সুৰুঙাৰে যাতে পাঠা সাৰি যাব নোৱাৰে ।

Leave A Reply