Breaking

মঙলদৈত এচিড আক্ৰমণৰ ঘটনা ! পত্নীলৈ এচিড নিক্ষেপ আখতাৰ হুছেইন নামৰ লোকজনৰ…

0 20


দৰং জিলাৰ মঙলদৈ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দুই নং ৱাৰ্ডত যোৱানিশা সংঘটিত হোৱা এক এচিড আক্ৰমণৰ ঘটনাই মঙলদৈ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি মঙলদৈৰ দুই নং ৱাৰ্ডৰ বাসিন্দা আখতাৰ হুছেইন নামৰ ব্যক্তিজনে যোৱা নিশা পত্নী ৰফিদা বেগমক শুই থকা অৱস্থাতে এচিডৰে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে । ইয়াৰ উপৰিও আখতাৰ হুছেইনে ঘৰৰ বাহিৰত থকা সতীয়া ভাতৃ ৰফিকুল হুছেইনক ফোন কৰি ঘৰলৈ আহিবলৈ কয়। সেই মতে ভাতৃ ৰফিকুল হুছেইন ঘৰলৈ আহি থকাৰ সময়তে ঘৰ নাপাওঁতেই ৰাজপথতে ভাতৃক এচিডেৰে আক্ৰমণ কৰে আখতাৰ হুছেইনে ।

এই আকস্মিক তথা অপ্ৰত্যাশিত ঘটনাৰ পাছতে অঞ্চলটোত হুৱা দুৱা লাগে আৰু ৰাইজৰ মাজত হুলস্থূলীয়া পৰিবেশ বিৰাজ কৰে । স্বামীৰ এচিড আক্ৰমণৰ ঘটনাত গুৰুতৰ ভাৱে আহত পত্নী ৰফিদা বেগম আৰু ভাতৃ ৰফিকুল হুছেইনক স্থানীয় ৰাইজ তথা চুবুৰীয়াই ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায় । ইপিনে পত্নী আৰু ভাতৃক এচিডেৰে আক্ৰমণ কৰিয়েই নিশাই মঙলদৈ সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে আক্ৰমণকাৰী আখতাৰ হুছেইনে ।

এচিড আক্ৰমণৰ ঘটনাৰ কাৰণ হিচাপে আখতাৰ হুছেইনে আৰক্ষীৰ ওচৰত স্পষ্টকৈ কোনো তথ্য সদৰী কৰা নাই যদিও আখতাৰ হুছেইনৰ পত্নী ৰফিদা বেগম আৰু ভাতৃ ৰফিকুল হুছেইনৰ মাজত থকা অবৈধ সম্পৰ্কৰ বাবেই এই ঘটনা সংঘটিত হয় বুলি ধাৰণা কৰা হৈছে । অৱশ্যে ঘটনাৰ প্ৰকৃত ৰহস্য এতিয়াও পোহৰলৈ অহা নাই। ইতিমধ্যে ঘটনা সন্দৰ্ভত মঙলদৈৰ আৰক্ষীয়ে অনুসন্ধান আৰু তদন্ত আৰম্ভ কৰিছে। আনহাতে আখতাৰ হুছেইনে এচিড আক্ৰমণত ব্যৱহৃত বটলটো মঙলদৈ নগৰৰ মাজমজিয়াৰ বেগা নদীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে ।

Leave A Reply