Breaking

ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শ্বুটিঙত পদক জয়ৰ বাবে সাজু এচিএছ বিষয়া শৌৰ্যঃ উত্তৰ পূব মণ্ডলত সোণসহ তিনিটা পদক ৰাজ্যিক চেম্পিয়ন শ্বুটাৰৰ

0 48

গুৱাহাটী,১৬ ছেেপ্তম্বৰঃ উত্তৰ পূব মণ্ড শ্বুটিঙ চেম্পিয়নশ্বিপৰ ২৫ মিটাৰ ষ্টেণ্ডাৰ্ড পিষ্টল ,২৫ মিটাৰ চেন্টাৰ ফায়াৰ পিষ্টল আৰু ৫০ মিটাৰ ফ্ৰি পিষ্টলত ক্ৰমে সোণ আৰু ব্ৰঞ্জৰ পদক জয়ী শ্বুটাৰ শৌৰ্য শৰ্মা সাজু হৈছে গুজৰাট ৰাষ্টীয় ক্ৰীড়াত অসমৰ হৈ পদক আনিবলে৷ অলপতে সামৰণি পৰা উত্তৰ পূব মণ্ডল শ্বুটিঙত তিনিটা পদক জয় কৰা ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উপ সঞ্চালক শৌৰ্য শৰ্মাই কৰ্মব্যস্ততাৰ মাজতো অব্যাহত ৰাখিছে অনুশীলন৷ ৰাজস্থানৰ মহীপাল সিং ৰাথোৰৰ অধীনত প্ৰশিক্ষণ লাভ কৰা বিষয়াগৰাকীয়ে অলপতে অৰ্জুন বঁটা বিজয়ী শ্বুটাৰ সত্যেন্দ্ৰ কুমাৰৰ তত্বাৱধানত উত্তৰ প্ৰদেশৰ দাদৰিত এটা চৈধ্য দিনীয়া শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰি সাংঘাটিকভাৱে উপকৃত হৈছে৷

২০০৭ চনত আগ্ৰাত অনুষ্ঠিত সপ্তদশ সদৌ ভাৰত জি ভি মাভালাংকাৰ শ্বুটিং চেম্পিয়নশ্বিপত সোণৰ পদক জয়ী কৰি প্ৰথম অসমীয়া সোণ জয়ী হিচাপে পৰিগণিত হৈছিল৷ ৩৩ সংখ্যক গুৱাহাটী ৰাষ্ট্ৰীয় ক্ৰীড়াটো দহ মিটাৰ এয়াৰ পিষ্টল ইভেন্টত ৱাইল্ড কাৰ্ড এন্টিৰে অসমক প্ৰতিনিধিত্ব কৰা শ্বুটাৰ গৰাকীয়ে আৰ্থিক নাটনি আৰু


পিতৃৰ মৃত্যুৰ বাবে শ্বুটিঙ ৰেঞ্জ এৰি দিল্লীলৈ ইউ পি এচ চিৰ প্ৰস্তুতিৰ বাবে গুচি গৈছিল যদিও ২০১৫ চনত অসম অসামৰিক সেৱাৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰাৰ পাছত ৰে্‌ঞ্জলৈ প্ৰত্যাবৰ্তন ঘটাইছিল ৷ চলিত বৰ্ষত সপ্তদশ সদৌ অসম শ্বুটিং চেম্পিয়্‌নচিপত দহ মিটাৰ এয়াৰ পিষ্টলকে ধৰি মুঠ চাৰিটা শাখাত চাৰিটাকৈ সোণৰ পদক লাভ কৰিছিল৷

Leave A Reply