Breaking

অভিনেতা তথা জ্যেষ্ঠ সাংবাদিক কিশলয় দেৱ গোস্বামী অসুস্থ

0 110

দৈনন্দিন বাৰ্তাৰ সেৱা, হোজাই, ৮ নৱেম্বৰঃ মেগা ধাৰাবাহিক আউসীৰ জোনাক আৰু অস্ত আকাশৰ জোনৰ অভিনেতা তথা হোজাইৰ জ্যেষ্ঠ সাংবাদিক কিশলয় দেৱ গোস্বামী হঠাৎ অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। হোজাইৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত শিক্ষকতা কৰা গোস্বামী যোৱা চাৰি অক্টোবৰৰ দিনা পাঠদান কৰি থকাৰ সময়তে হঠাৎ ঢলি পৰে। পিছত তেওঁক প্ৰথমে হোজাই এফ আৰ ইউ লৈ নিয়া হয় যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁক হোজাইৰ হাম হস্পিটেলত চিকিৎসা কৰোৱা হয়।

অভিনেতা তথা জ্যেষ্ঠ সাংবাদিক কিশলয় দেৱ গোস্বামী

সাংবাদিক জন কিছু সুস্থ হয় যদিও কালি পুনৰ অসুস্থ হৈ পৰাত হোজাই নতুন বজাৰৰ বিশেষজ্ঞ চিকিৎসক বিজয় দেৱনাথৰ পৰামৰ্শ গ্ৰহণ কৰে। চিকিৎসক জনে সাংবাদিক জন হৃদৰোগত আক্রান্ত হোৱাৰ সন্দেহ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আজি তেওঁক পৰিয়ালৰ লোকে গুৱাহাটী চিকিৎসাৰ মহাবিদ্যালয়ত ভৰ্তি কৰে। চিকিৎসকৰ প্ৰাথমিক অনুসন্ধানত বৰ্ত্তমান বিপদ মুক্ত বুলি জানিব পৰা গৈছে।

Leave A Reply