Breaking

প্ৰতাৰণাৰ বলি হ’ল অভিনেত্ৰী ৰশ্মিকা মণ্ডন্না, মেনেজাৰে ৮০ লাখ টকাৰ প্ৰতাৰণা কৰিলে অভিনেত্ৰী গৰাকীক

0 75

হিন্দী থ্ৰিলাৰ মিছন মজনু (২০২৩)ত শেষবাৰৰ বাবে দেখা পোৱা আৰু বৰ্তমান আল্লু অৰ্জুন অভিনীত পুষ্পা ২ ছবিখনৰ কামত ব্যস্ত অভিনেত্ৰী ৰশ্মিকা মণ্ডন্নাক দীৰ্ঘদিনীয়া মেনেজাৰে ৮০ লাখ টকা প্ৰতাৰণা কৰাৰ খবৰ আহিছে৷

পিংকভিলাৰ এক প্ৰতিবেদন অনুসৰি মেনেজাৰে ৰশ্মিকাক ৮০ লাখ টকাৰ প্ৰতাৰণা কৰিছিল। এই কাণ্ডৰ সন্দৰ্ভত তাই এতিয়াও আনুষ্ঠানিকভাৱে কোনো প্ৰতিক্ৰিয়া বা মন্তব্য দিয়া নাই৷

“ৰশ্মিকাক তাইৰ মেনেজাৰে ৮০ লাখ টকা প্ৰতাৰণা কৰা বুলি কিছু চৰ্চা চলিছে। সকলোকে দেখুৱাই এই বিষয়ে এটা দৃশ্য সৃষ্টি কৰিব বিচৰা নাছিল৷ সেয়েহে তাই নিজৰ মেনেজাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰি নিজাববীয়াকৈ ইয়াৰ সৈতে মোকাবিলা কৰিছিল।’- প্ৰতিবেদনত এক সূত্ৰৰ উদ্ধৃতিৰে কোৱা হৈছে।

Leave A Reply