Breaking

ছাত্ৰনেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল অতিৰিক্ত উপায়ুক্ত-পিংকু দাসৰ । সংবাদমেলত দৰং অনুসূচীত জাতি পৰিষদৰ সভাপতিৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ ।

0 567

মঙলদৈ : সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা আৰু দৰং জিলা অনুসূচীত জাতি পৰিষদৰ মাজত সৃষ্টি হোৱা অভিযোগ-প্ৰতিঅভিযোগৰ যুঁজৰ মাজতেই বিষয়টি সন্দৰ্ভত দৰঙৰ এগৰাকী অতিৰিক্ত উপায়ুক্ত আৰু জিলা অনুসূচীত পৰিষদৰ সভাপতি পিংকুমণি দাসে অসম অনুসূচিত জাতি ছাত্র সন্থাৰ সভাপতি যুগল কিশোৰ বনিয়াৰ বিৰুদ্ধে মঙলদৈ থানাত সুকীয়া সুকীয়াকৈ এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে, যোৱা ১০ জুনত মঙলদৈ প্ৰেছ ক্লাৱত অনুস্থিত কৰা এক সংবাদমেলত অনুসৃচীত জাতি ছাত্ৰ সংগঠনতোৰ সভাপতি যুগল কিশোৰ বণিয়াই দৰং জিলা অনুসৃচীত জাতি পৰিষদৰ সভাপতি পিংকুমণি দাসে অনুসূচিত জাতিৰ ভুৱা প্ৰমাণ পত্ৰ উলিয়াই বিভিন্ন চৰকাৰী সুবিধা যেনে বিদেশী সুৰাৰ দোকান, মঙলদৈ কেন্দ্ৰীয় বিদ্যালয় আদিত অবৈধভাবে সুবিধা লাভ কৰি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে তেওঁৰ এনে কাৰ্যত একাংশ বিষয়া কৰ্মচাৰীয়ে সহায় কৰি অহাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পৰবৰ্তী সময়ত দৰং জিলা অনসূচীত জাতি পৰিষদৰ সভাপতি পিংকুমণি দাসে আন এক সংবাদমেল অনুষ্ঠিত কৰি উক্ত অভিযোগ দৃঢ়তাৰে নাকচ কৰাৰ লগতে জনমানসত সভাপতি গৰাকীৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ বিৰুদ্ধে আইনগত বৱস্থা গ্ৰহণ কৰিব বুলি জনাইছিল। সেইমৰ্মে জিলা সভাপতি পংকুমণি দাসে মঙলদৈ থানাত অনুসৃচীত জাতি ছাত্ৰ সংগঠনতোৰ সভাপতি যুগল কিশোৰ বণিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।উক্ত এজাহাৰৰ ভিত্তিত মঙলদৈ থানাৰ গোচৰ নম্বৰ ৩৩৮/২০২০ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪(বি),৫০০,৫০৬ মৰ্মে এক গোচৰ পঞ্জীয়ন কৰিছে। অনুৰূপধৰণে দৰঙৰ অতিৰিক্ত উপায়ুক্ত কে ডেকাইয়ো যুগল কিশোৰ বনিয়াৰ বিৰুদ্ধে আন এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে মঙলদৈ থানাৰ গোচৰ নম্বৰ ৩৩৪/২০২০ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪(ক)৩৫৩,৩৮৫,৫০০, ৫০৬ মৰ্মে আন এক গোচৰ ৰুজু কৰিছে।    

Leave A Reply