Breaking

নলবাৰীত দুমাহ বিৰতিৰ পিছত চলিল যাত্ৰীবাহী বাছ

0 39

নলবাৰী

প্ৰায়  দুমাহ বিৰতিৰ পিছত নলবাৰীৰ পৰা চলিল যাত্ৰীবাহী বাছ। অসম পৰিবহণ বিভাগৰ অধীনত সোমবাৰৰ পৰা আৰম্ভ হ’ল বাছ সেৱা। সোমবাৰৰ পৰা নলবাৰী-গুৱাহাটীৰ মাজত চলিল বাছ। ক’ৰোনা আতঙ্কৰ  মাজতে এইদৰে নলবাৰীৰ পৰা  পৰিবহণ বিভাগৰ বাছেৰে গুৱাহাটী লৈ যাব পাৰিব নলবৰীয়া  ৰাইজ৷ নলবাৰীৰ পৰিবহণ বিভাগৰ  বাছ আস্থানত পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল বাছ সেৱা৷ এই বাছ সেৱা মুকলি কৰে পৰিবহণ বিভাগৰ ভি চি চন্দন বড়োয়ে। লকডাউনৰ সকলো নীতি নিয়ম মানি লৈ চলিব এই বাছ সেৱা। পঞ্চাশ শতাংশ যাত্ৰীহে  নিয়া হ’ব বাছত৷ বাছত উঠাৰ আগতে স্বাস্থ্য পৰীক্ষাৰ সম্মুখীন হ’ব লাগিব যাত্ৰী। আনহাতে ৰাস্তাত উঠাব নোৱাৰিব কোনো যাত্ৰী। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য কৰি এইদৰে নিৰ্দিষ্ট নীতি নিয়ম বান্ধি দিয়া হৈছে। একেদৰে ভাড়াও পূৰ্বৰ দৰেই একে থাকিব বুলিও ভি চি চন্দন বড়োয়ে  জানিবলৈ দিয়ে৷ এইদৰে বাছ সেৱা  মুকলি হোৱাত কিছু হ’লেও সকাহ পাইছে নলবাৰীৰ জনসাধাৰণে।

Leave A Reply