Breaking

২৬ এপ্ৰিলৰ পিছত হেলমেট পৰিধান নকৰা বাইক চালক আৰু আৰোহীৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱাৰ নিৰ্দেশ জিলা আয়ুক্তৰ…

0 17

২৬ এপ্ৰিলৰ পিছত হেলমেট পৰিধান নকৰা বাইক চালক আৰু আৰোহীৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱাৰ নিৰ্দেশ জিলা আয়ুক্তৰ

আইন উলঙ্ঘাকাৰী উদণ্ড বাইক চালকক গাঁওৰক্ষী বাহিনীৰ সহায়ত চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব মৰিগাঁও আৰক্ষীয়ে

ই-ৰিক্সা চালকে ল’ব লাগিব অনুজ্ঞাপত্ৰ

মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলাখনত বৰ্ধিত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে যোৱা মাহত জিলাখনত সংঘটিত পথ দুৰ্ঘটনাৰ ৮০ শতাংশই মটৰ চাইকেল দুৰ্ঘটনা হোৱাৰ বিষয়টোক লৈ ব্যাপক উদ্বিগ্নতা প্ৰকাশ কৰে। তেওঁ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায় অৰ্থাৎ অহা ২৬ এপ্ৰিলৰ ভোটগ্ৰহণৰ পিছতেই জিলাখনত দুচকীয়া বাহনৰ গৰাকী আৰু আৰোহীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ বাবে ব্যাপক অভিযান চলাবলৈ আৰক্ষী আৰু পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে। তেওঁ কয় যে দুচকীয়া বাহন চলাওঁতে চালক আৰু আৰোহী দুয়োজনেই হেলমেট পৰিধান নকৰিলে জৰিমনা বিহাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

জিলাখনৰ প্ৰতিটো স্থানতেই এই অভিযান কঠোৰভাৱে চলাবলৈ তেওঁ নিৰ্দেশ দিয়ে। লগতে ই-ৰিক্সাসমূহক নিয়ন্ত্ৰণ কৰাৰ বাবে চালকসকলে অনুজ্ঞাপত্ৰ লোৱাটো বাধ্যতামূলক কৰাৰ বাবেও সভাত আলোচনা কৰা হয়। নিৰ্বাচনৰ পিছতেই আৰক্ষী আৰু পৰিবহণ বিভাগক এইক্ষেত্ৰত যুটীয়াভাৱে অভিযান চলাবলৈ জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। সভাত আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে যোৱা মাহত জিলাখনত ২২ টা পথ দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু আৰু ১৭ জন লোক আহত হোৱা বিষয়টো উত্থাপন কৰি এইক্ষেত্ৰত বিশেষকৈ মটৰ চাইকেলৰ তীব্ৰ গতি মূল কাৰণ বুলি উল্লেখ কৰে। তেওঁ লগতে হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলোৱাৰ বাবেই দুৰ্ঘটনাত বহু লোকৰ প্ৰাণহানি হৈছে বুলি মন্তব্য কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে আৰক্ষীয়ে গ্ৰামাঞ্চলসমূহত গাঁওৰক্ষী বাহিনীৰ সহায় লৈ উদণ্ড বাইক চালকৰ তথ্য সংগ্ৰহ কৰি আইনী ব্যৱস্থা গ্ৰহণৰো পৰিকল্পনা কৰিছে। নিৰ্বাচনৰ পিছতেই এনে বাইক চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে।

সভাত জিলা আয়ুক্তগৰাকীয়ে লোকনিৰ্মাণ (পথ) বিভাগক কেতবোৰ উপপথত গতি নিয়ন্ত্ৰক লগোৱাৰ লগতে গুৰুত্বপূৰ্ণ পথসমূহত উপযুক্ত আৰু আকৰ্ষণীয় চাইনেজৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ প্ৰয়োজন অনুসৰি জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক মাহত দুবাৰ অনুষ্ঠিত কৰাৰ বাবেও পৰামৰ্শ আগবঢ়ায়। সভাত জাগীৰোডত নিৰ্মীয়মান পথ অভাৰব্ৰীজ (ROB)ৰ নিৰ্মাণৰ কাম লেহেমীয়া হোৱাৰ ফলত সৃষ্টি হোৱা তীব্ৰ যান-যঁত আৰু বাৰিষা পানী জমা হোৱাৰ আশংকাৰ বিষয়টো বিতংভাৱে আলোচনা কৰা হয়। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ফালৰ পৰা অৱগত কৰোৱা হয় যে কাইলৈ ৰেলৱেৰ সৈতে প্ৰাধিকৰণৰ এটা যুটীয়া পৰিদৰ্শনৰ পিছতেই পথ অভাৰব্ৰীজখনৰ নিৰ্মাণৰ বাকী কামখিনি পুনৰ আৰম্ভ কৰা হ’ব। বাৰিষাৰ পূৰ্বে অহা এমাহৰ ভিতৰত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ কয়। আজিৰ সভাত লোকনিৰ্মাণ পথ বিভাগৰ অধীক্ষক অভিযন্তা গোবিন্দ সিং, কাৰ্যবাহী অভিযন্তা ইস্তিয়াক আহমেদ আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল।

Leave A Reply