Breaking

কোভিডৰ পিছত এইবাৰ আতংক বিয়পাইছে আলাস্কাপক্সে, এজন আক্ৰান্তৰ মৃত্যু…

0 51

বিশ্বত যেন ৰোগৰ অন্ত নাই৷ এইবাৰ আলাস্কাত ধৰা পৰিছে এবিধ নতুন ৰোগ৷ আলাস্কাপক্সৰ নামেৰে পৰিচিত এই ৰোগত ইতিমধ্যে এজন লোকৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে৷ আলাস্কাৰ স্বাস্থ্য বিষয়াসকলে কৈছে যে জানুৱাৰীৰ শেষৰ ফালে এংকৰেজৰ দক্ষিণে থকা কেনাই উপদ্বীপৰ বাসিন্দা এজন এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৷ শেষত তেওঁ মৃত্যুবৰণ কৰে৷ মৃত বৃদ্ধ ব্যক্তিজনৰ দেহত পূৰ্বে কাউপক্সৰ বীজাণু ধৰা পৰিছিল৷ অৱশ্যে পিছত অতিৰিক্ত পৰীক্ষাৰ পৰা গম পোৱা গৈছিল যে তেওঁ আলাস্কাপক্সতো আক্ৰান্ত হৈছিল। আলাস্কাপক্সত আক্ৰান্ত হোৱাৰ পিছতে বৃক্ক বিকল হোৱাৰ লগতে আৰু শ্বাস-প্ৰশ্বাস বন্ধ হৈ তেওঁৰ মৃত্যু ঘটে৷ স্বাস্থ্য বিষয়াসকলে ধাৰণা কৰা অনুসৰি লোকজনে হয়তো তেওঁৰ মেকুৰীৰ পৰাই ভাইৰেল ৰোগবিধত আক্ৰান্ত হৈছিল।


আলাস্কাপক্স কি?


আলাস্কাপক্স হৈছে এক ডিএনএ ভাইৰাছ, যি স্মলপক্স, মাঙ্কিপক্স আৰু কাউপক্সৰ দৰে একে প্ৰজাতিৰ। ইয়াক প্ৰথমবাৰৰ বাবে ২০১৫ চনত আলাস্কাৰ ফেয়াৰবেংকছত এজন প্ৰাপ্তবয়স্ক লোকৰ দেহত চিনাক্ত কৰা হৈছিল৷ স্তন্যপায়ী প্ৰাণীয়ে এই বীজাণু বিয়পাব পাৰে৷ আলাস্কাপক্সত আক্ৰান্ত লোকসকলৰ ছালত এক বা একাধিক ঘা তথা অন্যান্য লক্ষণ যেনে পেশী ফুলা , গাঁঠি বা পেশীৰ বিষ আদি হয়। অৱশ্যে স্বাস্থ্য বিজ্ঞানীসকলৰ মতে আলাস্কাপক্স মানুহৰ পৰা মানুহলৈ সংক্ৰমণ ঘটাৰ এতিয়াও কোনো প্ৰমাণ পোৱা হোৱা নাই৷ অৱশ্যে আলাস্কাপক্সত আক্ৰান্ত লোকৰ ঘাঁৰ পৰা ওলোৱা ৰস আনৰ দেহত লাগিলে তেনে লোকৰো এই ৰোগ হোৱাৰ আশংকা থাকে৷ সেয়েহে আলাস্কাপক্সৰ ফলত হোৱা ঘাঁ বেণ্ডেজেৰে ঢাকি ৰাখিবলৈ পৰামৰ্শ দিয়া হয়৷ সৌভাগ্যক্ৰমে ভাৰতত এতিয়াও এই ৰোগৰ প্ৰাদুৰ্ভাব ঘটা নাই৷

Leave A Reply