Breaking

দিল্লীত চিৰিয়াখানা চাবলৈ গৈ হৃদৰোগত আক্ৰান্ত হৈ স্বামীৰ মৃত্যুৰ পিছতে নৱ বিবাহিতা পত্নীৰো মৃত্যু…

0 78

দিল্লীত চিৰিয়াখানা চাবলৈ গৈ হৃদৰোগত আক্ৰান্ত হৈ স্বামীৰ মৃত্যুৰ পিছতে নৱ বিবাহিতা পত্নীৰো মৃত্যু!

মাত্ৰ তিনিমাহ হৈছিল তেওঁলোকৰ বিয়া হোৱাৰ। উত্তৰ প্ৰদেশৰ দম্পতীহালৰ প্ৰায় একে সময়তে মৃত্যু ঘটাৰ ঘটনাই সকলোকে শোকস্তব্ধ কৰি তুলিছে। ২৫ বছৰীয়া অভিষেক আহলুৱালিয়াই দিল্লী চিৰিয়াখানালৈ গৈছিল। চিৰিয়াখানাত ঘূৰি-ফুৰি থকাৰ সময়তে অভিষেকে হঠাতে বুকুৰ বিষ অনুভৱ কৰিবলৈ আৰম্ভ কৰে। তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁৰ অৱস্থাৰ অধিক অৱনতি ঘটাত তেওঁক গুৰু টেগ বাহাদুৰ চিকিৎসালয়ৰ পৰা চফদৰজং চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয়।

কিন্তু তাতেই অভিষেকৰ মৃত্যু হয়। চিকিৎসকসকলে প্ৰকাশ কৰা মতে তেওঁৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে।অভিষেকৰ মৃতদেহ ঘৰলৈ নিয়া হয়। অভিষেকৰ পত্নী অঞ্জলীয়ে তেওঁৰ স্বামীৰ মৃতদেহ দেখি কান্দোনত ভাগি পৰে। পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি পত্নীয়ে অভিষেকৰ মৃতদেহ দেখি অষ্টম মহলাৰ বাৰান্দাৰ ফালে দৌৰি গৈছিল। তাৰ পিছতে তেওঁ অষ্টম মহলাৰ পৰা তললৈ জঁপিয়াই দিয়ে। তেওঁক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়।কিন্তু অঞ্জলীৰ মৃত্যু হয়।

এই শোকাৱহ ঘটনা সন্দৰ্ভত অভিষেকৰ আত্মীয়ই কয় , “অভিষেকৰ মৃতদেহ ঘৰলৈ অনাৰ পিছৰে পৰা অঞ্জলীয়ে অস্থিৰ হৈ কান্দিছিল । হঠাতেওপৰৰ মহলালৈ উঠি গৈছিল। তাৰ পিছতেই তেওঁ তললৈ জাঁপ মাৰিছিল। গাজিয়াবাদৰ দম্পতীহালে ৩০ নৱেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দাম্পত্য জীৱন মাত্ৰ তিনি মাহতে শেষ হৈ গ’ল।

Leave A Reply