Breaking

জাপানৰ পিছত এইবাৰ দক্ষিণ কোৰিয়া , ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পৰ্তুগালক পৰাস্ত কৰি নকআউট পৰ্যায়ত উপনীত হ’ল এছিয়াৰ দেশখন…

0 40

বিশ্বকাপত এছিয়াৰ যুঁজ অব্যাহত আছে। জাপানৰ পিছত এইবাৰ দক্ষিণ কোৰিয়া। ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পৰ্তুগালক পৰাস্ত কৰি নকআউট পৰ্যায়ত উপনীত হ’ল এছিয়াৰ দেশখন।

যদিও উৰুগুৱেৰ সৈতে পইণ্ট আৰু গ’লৰ পাৰ্থক্য সমান, গ্ৰুপ পৰ্যায়ত অধিক গ’ল কৰাৰ বাবে এছিয়ান দলটোৱে গ্ৰুপত দ্বিতীয় স্থান লাভ কৰে। ফলস্বৰূপে দক্ষিণ কোৰিয়া অন্তিম ষোল্লত উপনীত হোৱা তৃতীয় এছিয়ান দল হিচাপে পৰিগণিত হয়।

নকআউটত উপনীত হ’বলৈ পৰ্তুগালৰ বিৰুদ্ধে জিকাটো জৰুৰী আছিল। কেৱল সেয়াই নহয়, দিনটোৰ আনখন খেলত উৰুগুৱেই অধিক গ’লত জিকিলেও অংক নিমিলে। এই দুটা সমীকৰণৰ কথা মনত ৰাখি ছন হিউং মিনৰ দল খেলপথাৰত নামিছিল। সৌভাগ্যক্ৰমে দিনটোৰ দুখন খেলৰ ফলাফল দক্ষিণ কোৰিয়াৰ পক্ষত গ’ল।

দক্ষিণ কোৰিয়াই তেওঁলোকৰ খেলখনত পৰ্তুগালক ২-১ গ’লত পৰাস্ত কৰে। আনখন খেলত ঘানা ২-০ গ’লত পৰাজিত হয় যদিও উৰুগুৱেই গ’ল পাৰ্থক্যত দক্ষিণ কোৰিয়াক অতিক্ৰম কৰিব নোৱাৰিলে। ফলত পইণ্ট আৰু গ’লৰ পাৰ্থক্য সমান হ’লেও অধিক গ’ল কৰাৰ বাবে এছিয়াৰ দলটো পৰৱৰ্তী ৰাউণ্ডলৈ গৈছে।

Leave A Reply